Breaking

এতিয়া ফুল ফুলাৰ বতৰ…

0 101

জেচমিন আৰা আহমেদ


বসন্ত আৰু গ্ৰীষ্মৰ মাজতেই ব্যক্তিগত কাৰণত ডিমৌৰ পৰা শদিয়ালৈ বুলি যাত্ৰা আৰম্ভ কৰিছিলো।ৰবিবাৰৰ এই দিনটোত ফৰকাল আকাশত সূয্যৰ তিব্ৰতায়ে বাৰুকৈয়ে চকু চাট মাৰি ধৰিছিল যদিও ন বৰষুণে ধোৱাই নিয়া সমস্ত পথছোৱাই যেন আমাক আদৰিবৰহে আয়োজন কৰি থৈছিল।ডিমৌৰ পৰা নিতাই , খৈৱাংহৈ শদিয়া লৈকে সমগ্ৰ পথছোৱাৰ কাষে কাষে ফুলি থকা কৃষ্ণচূড়াৰ উজ্জ্বল ৰঙাটোৰে আমাৰ যাত্ৰা ও ৰঙীন কৰি তুলিলে।কৃষ্ণচূড়া বা Royal poinciana নামেই যাৰ পৰিচয়। বসন্ত কালত ফুলি জাতিষ্কাৰ হৈ থকা গছবোৰৰ সৌন্দৰ্য্যই আমাক এক অপূৰ্ব আনন্দ প্ৰদান কৰাৰ লগতে অন্তৰত এক ভাষাহীন আবেগৰ সৃষ্টি কৰে।।সংস্কৃতত ইয়াক “ৰাজ আভৰন” বুলি কোৱা হয় অৰ্থাৎ ৰাজকীয় আভূষণেৰে সুসজ্জিত বৃক্ষ।আনহাতে সনাতন শাস্ত্ৰ অনুসৰি ভগৱান শ্ৰীকৃষ্ণৰ প্ৰতিমাৰ মুকুটৰ ওপৰত এই ফুলেৰে শৃংগাৰ কৰা হয় সেয়ে ইয়াক সংস্কৃতত “কৃষ্ণচূড়” বুলিও কোৱা হয়।ফ্ৰান্সত ইয়াৰ আকৰ্ষনীয় সৌন্দৰ্য্যৰ বাবে স্বৰ্গৰ ফুল বুলি কোৱা হয় । আনহাতে পৃথিৱীৰ বিভিন্ন প্ৰান্তত ইয়াক Maxican bird of paradise , Red bird of paradise ,Pride of Barbados আদি সুন্দৰ নামেৰে জনা যায়।কৃষ্ণচূড়াৰ বনস্পতিক নাম Delonix Regiya.। কৃষ্ণচূড়াৰ ফুলৰ ৰং দুটা ।এটা ৰঙা আনটো কমলা। ইয়াৰ পাঁচটা পাহি থাকে।চাৰিটা পাহিৰ ৰং আৰু আকাৰ সমান হয় আনহাতে পঞ্চম পাহিটো আকাৰত অলপ ডাঙৰ আৰু দীঘল হোৱাৰ লগতে গাত বগা-হালধীয়া ফুট থকা দেখা যায়। অপূৰ্ব এই পুস্পৰ সৌন্দয্য।মন মতলিয়া কৰিব পৰা ক্ষমতা ৰাখে এই বসন্তৰ সুবাসে।


কাজিৰঙা বিশ্ববিদ্যালয়ৰ কাষৰ কাকডোঙা নদীৰ পাৰৰ সংৰক্ষিত বনাঞ্চল খনৰ আকাশ এতিয়া বেঙুনীয়া। গোলাঘাট আৰু যোৰহাটৰ সীমাত ৩৭নং ঘাইপথৰ দাঁতিত থকা এই বনাঞ্চল খনি বহু এজাৰ গছেৰে ভৰি আছে। বসন্তৰ পৰশত মৌচুমী বায়ু প্ৰৱাহৰ লগে লগে এজাৰ এতিয়া বেঙুনীয়া ।এনে হয়তু এজনো পথিক নোলাব যি এই বতৰত বনাঞ্চলখনিৰ ৰূপত মুগ্ধ হোৱা নাই। সেই পথ আতিক্ৰম কৰিলে আপোনাৰ দৃষ্টিও বেঙুনীয়াতে নিবদ্ধ হব। বৰ্তমান আকাশ মাৰ্গৰ পৰা লোৱা এই বনাঞ্চল খনিৰ দৃশ্য সামাজিক মাধ্যমত বিয়পি পৰিছে।সাংঘাটিক ধৰনে মন পৰশা এই দৃশ্যৰ ভিডিঅ। এজাৰৰ বৈজ্ঞানিক নাম Lagerstromia speciosa .এই ফুল বিধক Queen flower, Pride of India আদি সুন্দৰ নামেৰে জনা যায়।এইজোপা উদ্ভিদ ঔষধি হিচাপে ব্যৱহাৰ কৰা হয়।বিশেষকৈ মধুমেহ ৰোগত ই অতিকৈ উপকাৰী । গীতিকাৰে “এজাৰ ফুলা দেখি বেজাৰ কিয় কৰ” বুলি গীত জুৰিলেও কিন্তু এতিয়া বেঙুনবুলীয়া এজাৰে আমাৰ মনত নিশ্চয় বেজাৰৰ সলনি আনন্দৰ লহৰ তুলিব।
লগতে হালধীয়া গড়গাওঁ মহাবিদ্যালয়ৰ চৌহদ। মহাবিদ্যালয়খনৰ বাটচৰাতে ফুলি থকা সোনাৰুৱে এতিয়া হালধীয়া হাঁহি মাৰি ন শিকাৰুক স্বাগতম জনোৱাত ব্যস্ত ।লগতে সোনাৰুৰ হালধীয়া হাঁহিৰে মুখৰিত মোৰ পদুলি মুখ। এই ধুনীয়া গছজোপাৰ বৈজ্ঞানিক নাম Cassia fistula .ই থাইলেণ্ডৰ ৰাষ্ট্ৰীয় গছ আৰু ৰাষ্ট্ৰীয় ফুল।আমাৰ দেশৰ ৰাজ্য কেৰেলাৰো ৰাজ্যিক ফুল সোনাৰু।ইয়াক আয়ুৰ্বেদিক ঔষধত ব্যৱহাৰ কৰা হয়।শাৰী শাৰী সোনাৰুৰে ভৰিথকা আমাৰ পুখুৰীলৈ যোৱা বাটটো ও এতিয়া হালধীয়া হৈ আছে।দুপৰীয়াৰ ময়াসনা সময়বোৰত সেই পথটোও যেন সোনোৱালী ৰঙেৰে ময়াময় হৈ পৰে।মনত পৰে ল’ৰালি কালত সোনাৰুৰ দীঘলীয়া শুকান গুটীবোৰ ভাঙি তাৰ ভিতৰৰ চকলেট ৰঙী অংশবোৰ হেঁপাহেৰে খোৱা। আমাৰ পদুলীটো এৰি ৰাধাচূড়া ফুলিছে।গোলপীয়া পাহি সৰি পথছোৱাও গোলাপী হৈ পৰিছে।এই সময়ত আপোনিও যদি বুঢ়াপাহাৰৰ মাজে মাজে কাজিৰঙা অভয়াৰণ্য অতিক্ৰম কৰিছে নিশ্চয়ে হালধীয়া মেডেলোৱাৰ জোপোহাবোৰ এপলক নয়নজুৰি চাইছে।তাতে আকৌ দৃষ্টি আকৰ্ষন কৰিবলৈ কঠনাৰ শুভ্ৰ পাহিবোৰ ও সাজু ।মৰিগাওঁৰ পৰা জাগীৰোডলৈ বাঘৰা পাহাৰৰ কাষে কাষে পথছোৱাতো এই ফুলবোৰ ফুলি ৰঙা – বেঙুনীয়া আৰু হালধীয়াই লুকা-ভাকু খেলিছে।মোৰ ঘৰৰ সম্মুখৰ পথছোৱায়ে সেই একেদৰেই ৰঙা-বেঙুনীয়া-গোলাপী-হালধীয়া ৰঙেৰে মালা গাথিছে। পদপথৰ কাষৰিয়া আহঁতজোপা এতিয়া বিভিন্ন ৰঙৰ অৰ্কিড ফুলি জাতিষ্কাৰ হৈ আছে।কপৌ , ভাটৌ আৰু বহু অনামী আৰ্কিড ফুলি বৃক্ষবোৰ ও বসন্তৰ পৰশত চঞ্চল মনা।


এতিয়া পখিলা উৰাৰ বতৰ।সমগ্ৰ পৃথিৱীয়ে প্ৰতিকুল বতৰকো নেওছি প্ৰকৃতিয়ে ৰঙৰ সমাহাৰ পাতিছে। সমগ্ৰ অসম জুৰি বিয়পি পৰা বহু কেইটা ঘটনায়ে মানুহৰ হৃদয় ভাৰাক্ৰান্ত ।কৰবাত মাতৃক পুত্ৰয়ে জীৱন্তে দাহ কৰিছে আন কৰবাত প্ৰতিভাবান পত্নীক নিৰ্যাতন কৰি হত্যা কৰাৰ দৰে বাতৰি সমূহে সকলোৰে হৃদয়ত ভৱিষ্যতৰ বাবে অজান এক আশংকাই কপাঁই গৈছে।দৈনন্দিন বৃদ্ধি পোৱা অপৰাধৰ তালিকাখনে প্ৰতিজন নিৰীহৰ মনত শংকাৰ ভাৱ জগাই তুলিছে।জালুক বাৰীত কৃষ্ণছূড়া ফুলা নাই।নাই এজাৰ-নাই সোনাৰো বকো-গোৱালপাৰা সংযুক্ত পথৰ বুকুত সেই সৌন্দয্য এতিয়া চাৰিলেন যুক্ত পথৰ তাগিদাত উন্নয়নৰ হাতৰ পৰশত লুপ্ত পালে।তথাপিত আহক আমিও ক্ষন্তেকৰ বাবে বিভীষিকা পাহৰি অলপ উশাহ লওঁ। পান কৰো প্ৰকৃতিৰ ৰূপৰ অমিয়া সূধা।অকনমান সময়ৰ বাবে পাৰ্থিৱ সকলো পাহৰি পেলাই কৃষ্ণচূড়া, এজাৰ অথবা ৰাধাচূড়াৰ ৰঙা-বেঙুনীয়া-গোলাপী আৰু সোনাৰুৰ হালধীয়া ৰঙৰ সমাহাৰেৰে কিঞ্চিত সুখ অনুভৱ কৰি চাওঁ। তাৰ মাজেৰে দুখবোৰ অলপ পাতল কৰি তোলো।নিজকে অলপ আৰাম দি চাওঁ। সময় গতিশীল । পখিলাৰ পাখীৰ সৈতে নিশ্চয়ে বিভীষিকাময় দিনবোৰ পাৰ হৈ যাব।আগোন্তুক সুন্দৰ প্ৰকৃতিৰে আবৰা দিনবোৰ আমাৰ বাবে অধীৰ অপেক্ষাৰত।তাৰ আশা বুকুত সামৰি।

Leave A Reply