Breaking

জাগুনত এন ,এছ,চি,এন’ৰ দুধৰ্ষ কেডাৰ আটক

0 2,037

 তিনিচুকীয়া জিলাৰ জাগুনত সেনাবাহিনীৰ বৃহৎ সাফল্য।জাগুন নামফাই সংৰক্ষিত বনাঞ্চলত এক অভিযান চলাই ভাৰতীয় সেনাই যোৱা শুক্ৰবাৰে  এন, এছ, চি, এন (আৰ)ৰ  এজন দুধৰ্ষ কেডাৰ আটক কৰিবলৈ সক্ষম হয়। আটকাধীন কেডাৰ জনৰ নাম লক্ষীকান্ত কুম্বাং (২৯) বুলি জানিব পৰা গৈছে।দুদৰ্ষ কেডাৰজন জাগুন কাংকান গাঁওঁ নিৱাসীৰ উমাকান্ত কুম্বাং ৰ পুত্ৰ। তেওঁ ২০২০ চনতে এন, এছ, চি, এন (আৰ) ত যোগদান কৰিছিল যদিও পৰৱৰ্তী সময়ত নতুনকৈ গঠন হোৱা লিবাৰেল ডেমক্ৰেটিক কাউন্সিল অফ মিচিং লেণ্ড চমুকৈ এল, ডি, চি, এম, এল নামৰ উগ্ৰপন্থী সংগঠনটোত যোগদান কৰিছিল বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ । আটকাধীন কেডাৰ জনৰ পৰা সেনাবাহিনীয়ে জাৰ্মানীত নিৰ্মিত এটা  ৭.৬৫ এমএম পিষ্টলৰ সৈতে কেইবা জাইয়ো গুলি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। সেনাবাহিনীয়ে ইতিমধ্যে কেডাৰ জনক লেখাপানী আৰক্ষী থানাত চমজাই দিছে।

Leave A Reply

Your email address will not be published.