Breaking

পুৰণিগুদাম বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ত শ্ৰদ্ধাঞ্জলি আৰু অমিয়া বেজবৰুৱা সোঁৱৰণি বঁটা বিতৰণী সভা…

0 32

দেশৰ কভিড সৃষ্ট ভয়াৱহতাত অকালতে মৃত্যুক সাৱতিব লগা হোৱা পুৰণিগুদাম বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ একালৰ ছাত্ৰী অমিয়া বেজবৰুৱাৰ পৱিত্ৰ স্মৃতিত আজি বিদ্যালয়খনত অনুষ্ঠিত হয় এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান৷ অতি মেধাৱী আৰু অমায়িক স্বভাৱৰ পত্নী প্ৰয়াত অমিয়া বেজবৰুৱাৰ পবিত্ৰ স্মৃতি চিৰ যুগমীয়া কৰি ৰখাৰ উদ্দেশ্যে দিল্লী নিবাসী তেখেতৰ স্বামী ৰোহিনী বেজবৰুৱাই, তিনি জীয়ৰী আৰু পৰিয়ালৰ অন্যান্য সদস্য সকলৰ পৃষ্ঠপোষকতাত বিদ্যালয়খনত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰী সকলৰ মাজত আগবঢ়াই আহিছে অমিয়া বেজবৰুৱা সোঁৱৰণি বঁটা৷

বিগত বৰ্ষৰ দৰে এইবাৰো মেধাৰ ভিত্তিত নিৰ্বাচিত ছাত্ৰছাত্ৰী সকলক বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি অমল কটকীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এখনি সভাৰ জৰিয়তে পুৰস্কাৰ সমূহ বিতৰন কৰা হয়৷ বিদ্যালয়ৰ শিক্ষয়িত্ৰী মিনা শৰ্মাই আঁট ধৰা পুৱাৰ প্ৰাৰ্থনা সভাত প্ৰয়াত অমিয়া বেজবৰুৱাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পন কৰে বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী অমিয়া বৰুৱাই৷

Leave A Reply

Your email address will not be published.