ওদালগুৰিত পৰিৱেশ চেতনা দিৱস পালন

সীমান্ত চেতনা মঞ্চ ওদালগুৰি জিলা সমিতিৰ উদ্যোগত ১৬ ফেব্ৰুৱাৰীত  স্থানীয় ৰাজহুৱা দূৰ্গা পূজা মণ্ডপত চিলাৰায় দিৱসৰ সৈতে সংগতি ৰাখি এখন ৰাজহুৱা সভা অনুষ্ঠিত হৈ যায়। জিলা সমিতিৰ সভাপতি ধীৰেণ বৈশ্যৰ সভাপতিত্বত অনুষ্ঠিত ৰাজহুৱা সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে সম্পাদক অশোক ছেত্ৰীয়ে।  কাৰ্যসূচী অনুসৰি পুৱা ভাৰত মাতাৰ প্ৰতিচ্ছবিত সন্মুখত বন্তি প্ৰজ্বলন কৰে সীমান্ত চেতনা মঞ্চ পুৰ্বোত্তৰ ৰাজ্যিক উপ-সভাপতি মেনন মোছাহাৰীয়ে। ভাষণ প্ৰসঙ্গত মোছাহাৰীয়ে কয় “বৰ্তমানেও সীমান্ত চেতনা মঞ্চৰ ওদালগুৰি জিলা সমিতিখন প্ৰাথমিক পৰ্যায়ত আছে।

ইয়াৰ মাজতো সমিতিখনে ১৬ফেব্ৰুৱাৰীত  চিলাৰায় দিৱস কাৰ্যসূচী অনুষ্ঠিত কৰাটো প্ৰশংসনীয়। ভৱিষ্যতেও সমিতিখনে যাতে এনে ধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰে তাৰ বাবে আহ্বান জনালো।” চিলাৰায়ৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে ৰাজ্যিক সংসঙ্গ প্ৰমুখ প্ৰদীপ ৰাভাই। ৰাভাই নিজৰ ভাষণ প্ৰসঙ্গত বীৰ চিলাৰায়ৰ বীৰত্বৰ বিষয়ে বৰ্ণনা কৰে। সভাৰ অন্তত ৰাজহুৱা দূৰ্গাপূজা মণ্ডপ প্ৰাঙ্গণত স্বচ্ছ অভিযানৰ লগতে চহৰখনৰ পথৰ দাঁতিত গছপুলি ৰোপন কৰা হয়।

Related Articles