ওদালগুৰি পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ ঠিকা ভিত্তিক কৰ্মচাৰীৰ কৰ্ম বিৰতি

২৯ জানুৱাৰী তাৰিখে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ আয়ুক্ত আৰু সদৌ অসম ঠিকা ভিত্তিক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ কৰ্মচাৰী সৈতে হোৱা আলোচনা বিফল হোৱাৰ পিছতে ১ ফ্ৰেব্ৰুৱাৰীৰ পৰা সমগ্ৰ অসমতে প্ৰতিবাত নামিল কৰ্মচাৰী সকল । ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে ওদালগুৰি জিলাৰ মাজবাট, ৰৌতা, ওদালগুৰি, খৈৰাবাৰী, ভেৰগাওঁ, কলাইগাওঁ , বৰছলা,বেছিমাৰি আৰু পূৱ-পশ্চিম মংগলদৈৰ উন্নয়ন খণ্ডত কৰ্মৰত ঠিকাভিত্তিক কৰ্মচাৰীয়ে নিজ নিজ উন্নয়ণ খণ্ডৰ কাৰ্যালয়ৰ সমূখত কৰ্ম বিৰতি আৰু অৱস্থান ধৰ্মঘটৰ দ্বিতীয় দিনাও ৰূপায়ণ কৰা দেখা যায় ।

ফলত সমগ্ৰ ভিচিডিচিৰ উন্নয়নৰ কাম স্তব্ধ হৈ পৰে । কৰ্মচাৰী সকলে হাতে হাতে  প্লে’কাৰ্ড  লৈ উন্নয়ন খণ্ডৰ পৰিৱেশ উত্তাল কৰি তুলে । কৰ্মচাৰী সকলে অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ বিচাৰি  বহুকেইটা দাবী উত্থাপন কৰে 

১. ৬০ বছৰলৈ চাকৰি সুনিশ্চিত কৰা ।

২. সকলো কৰ্মচাৰীৰ R.O.P ৰ ব্যৱস্থা কৰা ।

৩. সকলো কৰ্মচাৰীৰ সম কামৰ সম বেতন নীতি প্ৰযোজ্য কৰা ।

৪. চৰকাৰী কৰ্মচাৰীয়ে লাভ কৰা সকলো সুবিধা প্ৰদান কৰা ।

৫. বিভাগত খালী হোৱা প্ৰতিটো পদৰ বিপৰীতে অভিজ্ঞতা/ যোগ্যতা অনুসৰি সকলো ঠিকাভিত্তিক কৰ্মচাৰীক বিভাগীয়ভাৱে পৰীক্ষা পাতি নিযুক্তি প্ৰদান কৰা ।

এনে সমূহ দাবী লৈ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ ঠিকা ভিত্তিক কৰ্মচাৰী সকলে সমগ্ৰ পৰিবেশ উত্তাল কৰি তোলে ৷

Related Articles