Breaking

ওমানৰ উপকূলত ডুবিল তেল পৰিবাহী জাহাজ! সন্ধানহীন ১৩ ভাৰতীয়সহ ১৬ জন কৰ্মচাৰী…

0 17

ওমানৰ উপকূলীয় অঞ্চলত সংঘটিত হৈছে এক হৃদয় বিদাৰক ঘটনা৷ সমুদ্ৰত তেল পৰিবাহী এখন জাহাজ ডুব যোৱাৰ ফলত সন্ধানহীন হৈছে ১৬ গৰাকী কৰ্মচাৰী৷ এই সকলৰ মাজৰ ১৩ গৰাকী কৰ্মচাৰী ভাৰতীয় বুলি জানিব পৰা গৈছে৷ওমানৰ সামুদ্ৰিক সুৰক্ষা কেন্দ্ৰই সোমবাৰে সামাজিক মাধ্যম এক্সৰ জৰিয়তে এক পোষ্ট শ্বেয়াৰ কৰি জাহাজখন ডুকমৰ ৱিলায়াত ৰাছ মাদ্ৰাকাহৰ পৰা ২৫ মাইল দক্ষিণ-পূবত ডুবাটো নিশ্চিত কৰে৷ এই সন্দৰ্ভত বিভাগীয় কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰি উদ্ধাৰ অভিযান ক্ষীপ্ৰতৰ কৰি তোলাৰ কথাও জানিবলৈ দিয়ে৷ প্ৰেষ্টিজ ফেলকন নামৰ জাহাজখনত থকা ১৬ গৰাকী কৰ্মচাৰীৰ ভিতৰৰ ১৩ গৰাকীয়ে ভাৰতীয় আৰু বাকী তিনিগৰাকী শ্ৰীলংকাৰ লোক আছিল৷ এক বিবৃতিত প্ৰকাশ পাইছে এই কথা৷

জাহাজখনত থকা কৰ্মচাৰীসকলৰ বৰ্তমান সময়লৈকে কোনো সন্ধান লাভ কৰা হোৱা নাই বুলি অভিযানকাৰী দলটোৱে সদৰী কৰিছে৷ উল্লেখ্য যে, জাহাজখন ইয়েমেনী বন্দৰ চহৰ এডেন অভিমুখে যাত্ৰা কৰি থকা অৱস্থাতে এই দুৰ্ঘটনা সংঘটিত হয়৷ জাহাজখনৰ ৱেবছাইট marinetraffic.comৰ মতে, ই ডুবাইৰ হামৰিয়া বন্দৰৰ পৰা যাত্ৰা আৰম্ভ কৰিছিল৷ ডুকম বন্দৰ হৈছে ওমানৰ মুখ্য তেল আৰু গেছ প্ৰকল্পৰ এটা মুখ্য কেন্দ্ৰ ।উল্লেখ্য যে, ২০০৭ চনত নিৰ্মাণ কৰা ১১৭ মিটাৰ দীঘল তেল পৰিবাহী জাহাজখনৰ পৰা তেল লিক হৈছে নে নাই সেয়া কৰ্তৃপক্ষই নিশ্চিত কৰা নাই। এনে সৰু তেল পৰিবাহী জাহাজ বা টেংকাৰবোৰ সাধাৰণতে চুটি উপকূলীয় ভ্ৰমণৰ বাবে ব্যৱহাৰ কৰা হয়।

Leave A Reply

Your email address will not be published.