Breaking

তেজপুৰৰ তেলেৰীয়াত ‘বৃদ্ধাশ্ৰম’ মুকলি…

0 53

বৰ্তমান সমাজ ব্যৱস্থাত পিতৃ-মাতৃয়ে জন্ম দি বহু কষ্টেৰে ডাঙৰ দীঘল কৰা একাংশ সন্তানে যেতিয়া পিতৃ-মাতৃক ঘৰতে স্থান নিদিয়ে তেতিয়াই বৃদ্ধ পিতৃ-মাতৃৰ বাবে জীৱনৰ শেষ আশ্ৰয় স্থল হৈ পৰে স্বেচ্ছাসেৱী সংস্থা ‘বৃদ্ধাশ্ৰম’৷ তেতেজপুৰৰ তেলৰীয়া গাঁৱত “স্স্নেহালয়’ নামাকৰনৰে এখন ককা আইতাৰ আপোন ঘৰ নামৰে এখন বৃদ্ধাশ্ৰম শুভ উদ্ধোধন কৰে শোণিতপুৰ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া কৰবী কৰণ শইকীয়াই৷ মুকলি সভা খনত সভাপতিত্ব কৰে তেলেৰীয়া গাঁও উন্নয়ন সমিতিৰ সভাপতি নলিনী কুমাৰ দাসে। বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে কুশল বৰাই৷


তেজপুৰ সমষ্টিৰ বিধায়ক পৃথ্বীৰাজ ৰাভা উপস্হিত থাকি সভাত বহুমূলীয়া পৰামৰ্শ আগৱঢ়াই আৰু এই প্ৰচেষ্টাৰ শলাগ লয় আৰু সহযোগিতা আগবঢ়াব বুলি কয় ৷ সভাই অনুষ্ঠানৰ আহ্বায়িকা আইজনী বৰা গগৈ আৰু পৰিয়ালৰ সকলো সদস্যৰে এনে প্ৰশংসনীয় পদক্ষেপৰ শলাগ লয়। অনুষ্ঠানটো পৰিচালনা কৰিবৰ বাবে এখন পৰিচালনা সমিতি গঠন কৰা হয় ৷ বৰ্তমান বৃদ্ধাশ্ৰমখনিত ছয় গৰাকী মহিলা আৰু ২গৰাকী পুৰুষে আশ্ৰয় লৈ আছে ৷ উল্লেখনীয় যে এই স্নেহালয় বৃদ্ধাশ্ৰমত শনিবাৰে তেজপুৰৰ মলয় বৰুৱা আৰু আকাশী বৰুৱাই এক বুজন পৰিমাণৰ খাদ্য-সামগ্ৰী দান দি বদ্যানতাৰ পৰিচয় দিয়ে ৷

পৰিচালিকা আইজনী গগৈয়ে বৰ্তমান থকা আৱাসীসকলৰ সম্পূৰ্ণ পৰিচয্যাৰ বাবে দুগৰাকী সহ পৰিচালিকাও ৰখা হৈছে আৰু তেওঁলোকৰ স্বাস্থ্য যতন লোৱাৰ বাবে প্ৰতি সপ্তাহৰ দেওবাৰে চিকিৎসকৰ দ্বাৰা পৰীক্ষা কৰাৰ ব্যৱস্থা কৰা হৈছে বুলিও জনায়৷

Leave A Reply

Your email address will not be published.