Oldest Bird: বিশ্বৰ আটাইতকৈ বয়সীয়াল চৰাই প্ৰজ্ঞাই কণী পৰাত জীৱবিজ্ঞানীসকলৰ মাজত যথেষ্ট উছাহ পৰিলক্ষিত হৈছে

ক’লা-বগা এলবাট্ৰছ চৰাইটোৱে কণী পাৰিছে। এই কণী পৰা চৰাইটো প্ৰকৃততে কোনো সাধাৰণ চৰাই নহয়। এই চৰাইটো লেইছান এলবাট্ৰছ প্ৰজাতিৰ অন্তৰ্গত। যাৰ নাম প্ৰজ্ঞা।জীৱবিজ্ঞানীসকলৰ মতে এই প্ৰজ্ঞা নামৰ চৰাইটো পৃথিৱীৰ আটাইতকৈ বয়স্ক বন্য চৰাই। এতিয়া ইয়াৰ বয়স প্ৰায় ৭৪ বছৰ। এই প্ৰজাতিৰ এলবাট্ৰছ সাধাৰণতে ১২ বছৰৰ পৰা সৰ্বাধিক ৪০ বছৰলৈকেহে জীয়াই থাকে। সাধাৰণতে এইবিধ এলবাট্ৰছে পাঁচ বছৰ বয়সৰ পৰাই কণী পৰা আৰম্ভ কৰে। ২০২১ চনত প্ৰজ্ঞা শেষৰ বাৰ কণী পাৰিছিল। এই কণী পৰা চৰাইটোৱে এতিয়ালৈকে ৩০ টাতকৈও অধিক পোৱালি জন্ম দিয়া বুলি ধাৰণা কৰা হৈছে। শেহতীয়াকৈ প্ৰশান্ত মহাসাগৰৰ আমেৰিকাৰ মাছ আৰু বন্যপ্ৰাণী সেৱাৰ (ইউ এছ এফ ডব্লিউ এছ) ৰাষ্ট্ৰীয় বন্যপ্ৰাণী আশ্ৰয়স্থল মিডৱে এটলত বন্দী হোৱা এটা ভিডিঅ’ত প্ৰজ্ঞাক দেখা গৈছিল। ১৯৫৬ চনৰ পৰা জীৱবিজ্ঞানীসকলে প্ৰজ্ঞাৰ গতিবিধিৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছে। সেই সময়ৰ পৰাই চৰাইটোৱে ভৰিত এটা বিশেষ আঙঠি সদৃশ বেজ পিন্ধা পৰিলক্ষিত হৈছিল। ছ’চিয়েল মিডিয়া এক্স হেণ্ডেল পোষ্টত ইউ এছ এফ ডব্লিউ এছৰ বিষয়াসকলে কয় যে এই বছৰ প্ৰজ্ঞাক নতুন সংগীৰ সৈতে দেখা গৈছে। তেওঁৰ পূৰ্বৰ সংগী আকেয়াকামাইক কেইবাবছৰ ধৰি দেখা পোৱা নাই। সাধাৰণতে এলবাট্ৰছ চৰায়ে এজন সংগীৰ সৈতেই জীৱনটো কটায়। কিন্তু প্ৰজ্ঞাই কমেও তিনিবাৰকৈ সংগী সলনি কৰিছে। প্ৰজ্ঞাৰ পিছত আটাইতকৈ বয়সীয়াল চৰাইটোৰ বয়স ৪৫ বছৰ। প্ৰতি বছৰে ইউ এছ এফ ডব্লিউ এছৰ জীৱবিজ্ঞানীসকলে প্ৰজ্ঞাৰ উভতি অহাৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰে। তেওঁলোকৰ মতে প্ৰজ্ঞা এতিয়াও অতি সক্ৰিয়।

Related Articles