Breaking

দ্বিতীয়বাৰৰ বাবে পুনৰ লোকসভাৰ অধ্যক্ষ আসনত ওম বিৰলা

0 13

আজি দ্বিতীয়বাৰৰ বাবে পুনৰ লোকসভাৰ অধ্যক্ষ আসনত ওম বিৰলা জয়ী হয় । উল্লেখ্য যে ধ্বনি ভোটত সদনত অধিস্থিত হোৱা এন ডি এৰ প্ৰক্ষেপিত প্ৰাৰ্থী ওম বিৰলাক শুভেচ্ছা জনাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সদনৰ নিৰপেক্ষতা বজাই ৰাখিব বুলি বিশ্বাস কৰা বুলি ভাষণ প্ৰদান কৰে ।

এন ডি এৰ প্ৰক্ষেপিত প্ৰাৰ্থী ওম বিৰলাক শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ

উল্লেখ্য যে সদনৰ ইতিহাসত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছিল লোকসভাৰ অধ্যক্ষ পদৰ বাবে নিৰ্বাচন আৰু ধাৰাবাহিকভাৱে দ্বিতীয়বাৰলৈ লোকসভাৰ অধ্যক্ষ পদত অধিষ্ঠিত হোৱা ওম বিৰলাই হৈছে প্ৰথমগৰাকী অধ্যক্ষ। ইফালে এন ডি এৰ লোকসভা অধ্যক্ষ পদৰ প্ৰাৰ্থী ওম বিৰলাৰ বিৰুদ্ধে ইণ্ডিয়া মৰ্চাই ৮বাৰকৈ সাংসদ হিচাপে নিৰ্বাচিত হোৱা অভিজ্ঞ সাংসদ কে সুৰেশক প্ৰতিদ্বন্দ্বী হিচাপে আগবঢ়াইছিল আৰু সেইবাবেই এন ডি এই উপাধ্যক্ষ পদটো বিৰোধীক এৰি নিদিয়াৰ সিদ্ধান্ত লোৱাৰ পাছতে লোকসভাৰ অধ্যক্ষ পদৰ বাবে ইণ্ডিয়া মৰ্চাই নাম ঘোষণা কৰিছিল ।

Leave A Reply