Breaking

লোকসভাত অবিৰত হুলস্থুল! লোকসভাৰ অধ্যক্ষৰ আসনত নবহে ওম বিৰলা

0 132

সাংসদৰ বৰ্ষাকালীন অধিৱেশনত চৰকাৰী পক্ষ আৰু বিৰোধীৰ ধাৰাবাহিক বিক্ষোভ। দুয়ো পক্ষৰ এনে স্থিতিত অচল হৈ আছে সংসদ। এনে পৰিস্থিতিত তীব্ৰ অসন্তুষ্ট লোকসভাৰ অধ্যক্ষ ওম বিৰলা। সেয়ে তেওঁ নজিৰবিহীন এক স্থিতি গ্ৰহণ কৰিছে। তেওঁ সিদ্ধান্ত লৈছে লোকসভাৰ বৰ্ষাকালীন অধিৱেশনত উপস্থিত নাথাকে।

যোৱা ২০ জুলাইৰ পৰা আৰম্ভ হোৱা সংসদৰ বৰ্ষাকালীন অধিবেশনৰ সময়ছোৱাত মণিপুৰ কাণ্ডক কেন্দ্ৰ কৰি শাসকীয় আৰু বিৰোধী সাংসদ সকলে সৃষ্টি কৰিছে হুলস্থুলীয়া পৰিস্থিতিৰ।

ইয়াৰ পৰিপ্রেক্ষিতত লোকসভা আৰু ৰাজ্যসভাৰ অধিবেশন বাৰে বাৰে স্থগিত ৰাখিব লগীয়া পৰিস্থিতি উদ্ভৱ হৈছে । বুধবাৰৰ দিনটোতো হুলস্থুলীয়া পৰিস্থিতিৰ বাবে পূৰ্বৰ দৰেই পুনৰ স্থগিত ৰখা হয় সদনৰ অধিবেশন ।

যেতিয়ালৈকে সাংসদ সকলে নিজৰ মৰ্যদা আৰু অধিবেশনৰ মৰ্যদা বজাই ৰাখিব পৰা ধৰণৰ আচৰণ নকৰে তেতিয়ালৈকে সংসদৰ অধিবেশনত উপস্থিত নথকাৰ কথা শেহতীয়াকৈ উল্লেখ কৰিছে লোকসভাৰ অধ্যক্ষ ওম বিৰলাই৷

উল্লেখ্য যে লোক সভাৰ অধ্যক্ষ ওম বিৰলাই লোকসভাৰ অধিবেশন বৰ্জনৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ খবৰ প্রকাশ হোৱাৰ পাছতে আৰম্ভ হৈছে ব্যাপক জল্পনা-কল্পনা। অহা ৮ – ১০ আগষ্টত নৰেন্দ্ৰ মোডী চৰকাৰৰ বিৰুদ্ধে বিৰোধীয়ে অনা অনাস্থা প্রস্তাৱৰ বিতৰ্কত লোকসভাৰ অধ্যক্ষ ওম বিৰলা অধ্যক্ষৰ আসনত বহিবনে, নবহে ? তাকে লৈ দেশৰ ৰাজনীতিত আৰম্ভ হৈছে চৰ্চা ।

Leave A Reply