Omar Abdullah takes oath: জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী হিচাপে ওমৰ আব্দুল্লাৰ শপতগ্ৰহণ

নিউজ ডেস্ক, ১৬ অক্টোবৰ: নেচনেল কনফাৰেন্সৰ উপ-সভাপতি ওমৰ আব্দুল্লাই বুধবাৰে শ্বায়ত্ব শাসিত ৰাজ্য জম্মু-কাশ্মীৰ(Jammu and Kashmir)ৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে(Omar Abdullah takes oath) । উল্লেখ্য যে অনুচ্ছেদ ৩৭০ বাতিলৰ পিছত শেহতীয়াকৈ অনুষ্ঠিত প্ৰথম বিধানসভা নিৰ্বাচনত নেচনেল কনফাৰেন্স দলে সৰ্বাধিক ৪২ খন আসনেৰে সংখ্যাগৰিষ্ঠতা লাভ কৰিবলৈ সক্ষম হৈছিল(Omar Abdullah sworn in as new CM) ।

মুখ্যমন্ত্ৰীৰ লগতে মন্ত্ৰী পৰিষদৰ শপতগ্ৰহণ অনুষ্ঠানটো ডাল হ্ৰদৰ পাৰত অৱস্থিত শ্বেৰ-ই-কাশ্মীৰ আন্তঃৰাষ্ট্ৰীয় সন্মিলন কেন্দ্ৰত অনুষ্ঠিত হয় । শ্বায়ত্ব শাসিত ৰাজ্যখনৰ লেফটেনেণ্ট গৱৰ্ণৰ মনোজ সিনহাই ওমৰ আব্দুল্লা আৰু তেওঁৰ পাঁচ সতীৰ্থ মন্ত্ৰীক পদ আৰু গোপনীয়তাৰ শপতবাক্য পাঠ কৰায় ।

চাৰিওফালে গঢ়ি তোলা কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজত অনুষ্ঠিত শপতগ্ৰহণ অনুষ্ঠানটোত ভিভিআইপিকে ধৰি বহু সংখ্যক গণ্যমান্য ব্যক্তি উপস্থিত থাকে ।

উল্লেখ্য যে, যোৱা ১০ অক্টোবৰত ওমৰ আব্দুল্লাক সৰ্বসন্মতিক্ৰমে এন চি বিধায়িনী দলৰ নেতা হিচাপে নিৰ্বাচিত কৰা হৈছিল । ইয়াৰ ফলত জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী হিচাপে তেওঁ দ্বিতীয়টো কাৰ্যকালৰ পথ প্ৰশস্ত হয় । প্ৰথমটো কাৰ্যকালত তেওঁ ২০০৯ চনৰ পৰা ২০১৪ চনলৈ মুখ্যমন্ত্ৰীৰ পদত অধিস্থিত আছিল । উক্ত সময়চোৱাত জম্মু-কাশ্মীৰ এখন পূৰ্ণাংগ ৰাজ্য আছিল আৰু নেচনেল কনফাৰেন্স আৰু কংগ্ৰেছৰ মিত্ৰজোঁটে চৰকাৰ গঠন কৰি ৰাজ্য শাসন কৰিছিল ।

অনুচ্ছেদ ৩৭০(Article 370) বাতিলৰ পিছত শ্বায়ত্ব শাসিত ৰাজ্যৰ স্বীকৃতি লাভ কৰাৰ পিছত ৰাজ্যখনৰ 90 খন বিধানসভা আসনৰ সদ্যসমাপ্ত নিৰ্বাচনত নেচনেল কনফাৰেন্সে ৪২ খন আসন লাভ কৰিবলৈ সক্ষম হয় । লগতে কংগ্ৰেছ দলে ছয়খন আসনত জয়লাভ কৰে । প্ৰাক-নিৰ্বাচনী সহযোগী এই দল দুটাই একেলগে ৯৫ জনীয়া বিধানসভাত সংখ্যাগৰিষ্ঠতা লাভ কৰে ।

ইফালে জম্মু-কাশ্মীৰ প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি তাৰিক হামিদ কাৰা(Jammu and Kashmir Pradesh Congress Committee President Tariq Hameed Karra)ই বুধবাৰে এক বিবৃতিৰ জড়িয়তে জনোৱা অনুসৰি, কংগ্ৰেছে বৰ্তমান জম্মু-কাশ্মীৰ চৰকাৰৰ মন্ত্ৰীসভাত যোগদান নকৰে । “কংগ্ৰেছ দলে জম্মু-কাশ্মীৰক পূৰ্ণা ৰাজ্যৰ মৰ্যাদা(Statehood Restoration) প্ৰদানৰ বাবে কেন্দ্ৰক তীব্ৰ দাবী জনাই আহিছে । তাৰোপৰি দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়েও ৰাজহুৱা সভাবোৰত বাৰে বাৰে একেটা প্ৰতিশ্ৰুতিকে দি আহিছে ; কিন্তু জম্মু-কাশ্মীৰক পূৰ্ণাংগ ৰাজ্যৰ মৰ্যাদা প্ৰদান কৰা হোৱা নাই । আমি এই লৈ অসন্তুষ্ট । সেয়েহে এই মুহূৰ্তত আমি মন্ত্ৰসভাত যোগদান কৰা নাই ।” এইদৰে উল্লেখ কৰি জে কে পি চি চিৰ সভাপতিগৰাকীয়ে লগতে কয় যে কংগ্ৰেছে ৰাজ্যখনৰ মৰ্যাদা পুনৰুদ্ধাৰৰ বাবে যুঁজ অব্যাহত ৰাখিব ।

লগতে পঢ়ক:১৩ নৱেম্বৰত অসমৰ ৫ বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচন

Related Articles