Breaking

মহালয়াৰ দিনটোত মহানগৰীত উচ্ছেদ, উচ্ছেদিত স্হানত ১,৪০০ গছপুলি কৰিব ৰোপন…

0 48

পবিত্ৰ মহালয়াৰ দিনটোটেই ছয়টা পৰিয়ালে হেৰুৱালে সপোনৰ ঘৰ। কামৰূপ মহানগৰ প্ৰশাসনৰ জাননীক অমান্য কৰি অবৈধ ভাবে এই পৰিয়াল কেইটাই বৰবাৰী অঞ্চলত নিৰ্মাণ কৰিছিল নিজৰ গৃহ। চৰকাৰী ভূমি অবৈধ ভাবে দখল কৰি বিগত ১৪ বছৰৰ অধিক কাল বসবাস কৰা পৰিয়াল কেইটাক আজি প্ৰশাসনে উচ্ছেদ কৰে। প্ৰশাসনে আগষ্ট মাহতো পৰিয়াল কেইটাক চৰকাৰী ভূমি এৰি দিবলৈ জাননী জাৰি কৰিছিল যদিও পৰিয়াল কেইটাই ভূমি এৰি যোৱা নাছিল।

প্ৰশাসনে উচ্ছেদ কাৰ্য চলোৱাত অঞ্চলটোত তীব্ৰ উত্তেজনাপূৰ্ণ হৈ পৰে। দখলকাৰী সকলে চৰকাৰে বিদ্যুত যোগানৰ ধৰি, ৰেচন কাৰ্ড প্ৰদান কৰাৰ পিছত কিয় উচ্ছেদ কৰিব বুলি প্ৰশাসনৰ লগত বাত-বিতণ্ডাত লিপ্ত হৈছিল যদিও প্ৰশাসনে উচ্ছেদ কৰি চাৰি হাজাৰ বৰ্গফুট ভূমি বেদখলকাৰীৰ পৰা মুক্ত কৰে। আনহাতে প্ৰশাসনৰ এক সূত্ৰই এই ভূমিত ১,৪০০ জোপা গছ পুলি ৰোপনৰ সিদ্ধান্ত গ্ৰহণ কৰা বুলি জানিবলৈ দিয়ে।

Leave A Reply

Your email address will not be published.