Breaking

১৩ অক্টোবৰত নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক দিব চাইকেল। উপকৃত হব ৩ লাখ ৬৯ হাজাৰ ৪৫৪ শিক্ষাৰ্থী…

0 120

মুখ্যমন্ত্ৰীৰ প্ৰতিশ্ৰুতি মৰ্মে নৱম শ্ৰেনীৰ ছাত্ৰ ছাত্ৰীক চৰকাৰে ১৩ অক্টোবৰত বিতৰণ কৰিব চাইকেল। ইতিমধ্যে চৰকাৰে এই সন্দৰ্ভত এছ অ’পি জাৰি কৰি জিলা আয়ুক্ত সকলক কেতবোৰ নীতি নিৰ্দেশনা প্ৰদান কৰে। সেই মৰ্মে জিলা আয়ুক্ত সকলে চাইকেল বিতৰণ অনুষ্ঠানত স্হানীয় বিধায়ক সাংসদৰ লগতে হিতাধিকাৰী ছাত্ৰ ছাত্ৰীক নিমন্ত্ৰন জনাব লাগিব। যাতায়ত আৰু অপ্যায়নৰ ব্যয় চৰকাৰে আয়ুক্ত সকলৰ বেংক একাউন্টলৈ প্ৰেৰণ কৰিব। অনুষ্ঠানৰ পূৰ্বে চাইকেলৰ সঠিক হিচাব ৰখাৰ লগতে বাকী চাইকেল সমূহ খণ্ড উন্নয়নত শিক্ষা বিভাগে বিতৰণ কৰিব। ১৩ অক্টোবৰত বজালী জিলাত আয়ুক্তই ২,২৭৫ খন চাইকেল বিতৰণ কৰিব।

একেদৰে বাক্সা ৰনগৌড়া নাৰ্জাৰীয়ে ৬৭৯০খন, বৰপেটাত পবিত্ৰ মাৰ্ঘেৰিটাই ২২,০২২ খন, বিশ্বনাথত অশোক সিংঘলে ৯,৮০০ খন, বঙাইগাঁৱত জয়ন্তমল্ল বৰুৱাই ৮৭৮০ খন, কাছাৰত পীয়ূষ হাজৰিকাই ২৪,২২০ খন, চৰাইদেউত তপন কুমাৰ গগৈয়ে ৪৫৮৬ খন, চিৰাঙত ইউ জি ব্ৰহ্মই ৮০৬১ খন, দৰঙত ৰঞ্জিত কুমাৰ দাসে ৬৪১৯ খন, ধেমাজিত যোগেন মহনে ১০,৬৬৬ খন, ধুবুৰীত ৰমেন ডেকাই ২৪,২৬৫ খন, ডিব্ৰুগড়ত ৰামেশ্বৰ তেলীয়ে ১২,৯৬৪ খন, ডিমাহাচাওত মুখ্য কাৰ্যবাহী বিষয়াই ২,০৩২ খন, গোৱালপাৰাত টংকেশ্বৰ ৰাভাই ১৩,৯৮০ খন, গোলাঘাটত কেশৱ মহন্তই ১২,১৫৩ খন, হাইলাকান্দিত পীয়ূষ হাজৰিকাই ৭,৭৪৯ খন, হোজাইত সকলো বিধায়কৰ উপস্থিতিত ৯০৮৩ খন চাইকেল বিতৰণ কৰিব। যোৰহাটত কামাখ্যা প্ৰসাদ তাছাই ৯০৯৪ খন, কামৰূপত কুইন ওজাই ১৮, ৩৮২ খন, কামৰূপ গ্ৰাম্যত চন্দ্ৰ মোহন পাটোৱাৰীয়ে ৮৬০৮ খন, কাৰ্বিআংলঙত পৰিমল শুক্লবৈদ্যই ৫৭৭৬ খন, কৰিমগঞ্জত কৃপানাথ মল্লই ১৩,৫২৯ খন, কোকৰাঝাৰত প্ৰমোদ বড়োই ১২, ৭৯৮ খন, লক্ষীমপুৰত নন্দিতা গাৰ্লোচাই ১৫,১৫৫ খন, মাজুলীত সঞ্জয় কিশানে ২৮৮৫ খন, মৰিগাঁৱত অতুল বৰাই ১২,৫৯৯ খন , নগাঁৱত অজন্তা নেওগে ২০, ১৭৪ খন, নলবাৰীত নাৰায়ন ডেকাই ১০,০৩৬ খন, শিৱসাগৰত বিমল বৰাই ৭৭৪৬ খন, শোনিতপুৰত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ লগতে মন্ত্ৰী ৰণোজ পেগুৱে বিতৰণ কৰিব ১২,৪৮৪ খন। দক্ষিন শালমাৰাত জিলা আয়ুক্তই ৪১৬১ খন, তামুলপুৰত ডঃ ননী গোপাল মহন্তই ৬৩৮৪ খন, তিনিচুকীয়াত প্ৰদান বৰুৱাই ১২,৭৭০ খন, ওদালগুৰিত দিলিপ শইকীয়াই ৭৭৪৯ খন, পশ্চিম কাৰ্বিআংলঙত হৰেণ সিং বেই ৩২৭৯ খন মুঠ ৩,৬৯,৪৫৪ খন চাইকেল বিতৰণ কৰা হ’ব।

Leave A Reply

Your email address will not be published.