Breaking

Online Trading Scam: চুমিৰ জন্মদিনত বিশালে দিছিল ২ লাখ টকীয়া টেডী বিয়েৰ…

117

পাতিলোৱা ভায়েক বিশাল ফুকনে চুমি বৰাৰ জন্মদিন দিছিল ২ লাখ টকীয়া টেডি বিয়েৰ। ৮ আগষ্টত আছিল চুমি বৰাৰ জন্মদিন।(Online Trading Scam) 

চুমিৰ জন্মদিনতে বিশালে দিছিল দুই লাখ টকীয়া টেডি বিয়েৰ। ইয়াৰউপৰিও চুমি বৰাক বহু দামী উপহাৰ দিছিল বিশাল ফুকনে।

চুমিৰ জিম ট্ৰেইনাৰ তন্দ্ৰামণি কুমাৰৰ সমস্ত ধন ব্যয় কৰিছিল বিশালে। প্ৰতিমাহে জিম ট্ৰেইনাৰক আদায় দিয়া হৈছিল ৫০ হাজাৰ টকাকৈ নগদ ধন।

লগতে পঢ়কঃ বিশালৰ দ্য ব্লেক আম্ব্ৰেলাৰ তলত জিৰাইছিল অসমীয়া ছবি জগতৰ বহু ৰথী-মহাৰথীয়ে

আনহাতে চৰ্চালৈ আহিছে চুমিৰ এখন বিশেষ অসমীয়া ছবিৰ চুক্তি স্বাক্ষৰৰ কথা। ছবিখনৰ চুক্তি স্বাক্ষৰ কৰা হৈছিল বিশ্বৰ সৰ্বোচ্চ অট্টালিকা বুৰ্জ খালিফাত। স্বাক্ষৰ কৰা ছবিখনৰ নাম ‘The Black Umbrella’। বুৰ্জ খলিফাত এক ৰাতিত ৭ লাখ টকাৰে ৰূম বুক কৰিছিল প্ৰৱঞ্চক বিশাল-চুমিয়ে।(bishal Phukan and sumi Borah)


আচৰিত কথাটো হ’ল যে আৰক্ষীয়ে আজিও সন্ধান উলিয়াব পৰা নাই চুমি বৰাৰ। বিশাল ফুকনৰ প্ৰৱঞ্চনাৰ ক’লা অধ্যায়ৰ ৰহস্য ফাদিল কৰিব পাৰিবনে অসম আৰক্ষীয়ে?

Published by: munmi gogoi

Comments are closed.