বিজয়া দশমীৰ দিনটোত সংবাদদাতা তথা সাৰথি শান্তি নিৱাসৰ সঞ্চালক প্রধান বিপুল কলিতাৰ প্ৰশসংনীয় পদক্ষেপ। ৰঙিয়াৰ পিতাম্বৰ হাট বজালীত বৰলীয়া নৈত মাছমৰীয়াৰ জালত বন্দী হোৱা দুস্প্ৰাপ্য কাছ এটিক উদ্ধাৰ কৰে বিপুল কলিতাই।
দুস্প্ৰাপ্য কাছটো উদ্ধাৰ কৰি ৰঙিয়াৰ তিনিআলিস্থিত পদুম পুখুৰীত এৰি দিয়ে কাছতো। সাৰথি শান্তি নিৱাসৰ সহযোগত পদুম পুখুৰীত কাছটো এৰি মানৱতাৰ নিদৰ্শন দাঙি ধৰিছে বিপুল কলিতাই।
পূৰ্বেও একে স্থানতে দুটাকৈ কাছ এৰি দিছিল কলিতাই ।
বৰ্তমানত পুৰ্বে এৰি দিয়া কাছদুটা দেখনীয়া হৈছে বুলি জানিবলৈ দিয়ে ৰাইজে । এই মহান কৰ্মটোত উপস্থিত থাকে সাৰথি শান্তি নিৱাসৰ পৰিচালক ৰাহুল বৰ্মণ, সংবাদদাতা মইনুল হক, খাইৰুল হুছেইন। বিপুল কলিতাৰ এনে মহান পদক্ষেপক ভূয়সী প্ৰশংসা কৰিছে ৰঙিয়াৰ সচেতন মহলে