Breaking

মহাৰজত জয়ন্তী উপলক্ষে ৰাজ্যিক ভিত্তিত ৰচনা ,চিঠি , কবিতা আৰু গল্প লিখা প্রতিযোগিতা…

0 110

মহাৰজত জয়ন্তী উপলক্ষে ৰাজ্যিক ভিত্তিত ৰচনা লিখা,চিঠি লিখা, কবিতা আৰু গল্প প্রতিযোগিতা
ধেমাজি: ধেমাজি জিলাৰ এখন অগ্রণী শিক্ষানুষ্ঠান ধেমাজি উচ্চতৰ মাধ্যমিক বিদ্যালয়ে বিদ্যালয় স্থাপনৰ ৭৫ বছৰ হোৱা উপলক্ষত ২০২৪ বর্ষটো মহাৰজত জয়ন্তী হিচাপে উদযাপন কৰিব। সেই অনুসৰি অহা ৩১ অক্টোবৰ ২০২৪ তাৰিখৰ পৰা ১৬ ডিচেম্বৰ ২০২৪ তাৰিখলৈ কেইবাটাও কার্যসূচী ৰূপায়ণ কৰিব।তাৰে ভিতৰত অহা ১৫ আৰু ১৬ নৱেম্বৰ তাৰিখে দুদিনীয়া কার্যসূচীৰে সাহিত্য উৎসৱ অনুষ্ঠিত কৰা হব। মহাৰজত জয়ন্তীৰ বিভিন্ন কার্যসূচীৰ ভিতৰত সদৌ অসম ভিত্তিক দুটাকৈ শাখাত ছাত্র ছাত্রী সকলৰ মাজত “ৰচনা লিখা,কবিতা লিখা আৰু গল্প লিখা প্রতিযোগিতা” অনুষ্ঠিত হব।তদুপৰি চৰকাৰী বিদ্যালয়ৰ শিক্ষক সকলৰ মাজত” সদৌ অসমভিত্তিক চিঠি লিখা প্রতিযোগিতা”ও অনুষ্ঠিত হ’ব। এই চিঠি লিখা প্রতিযোগিতাটি বিদ্যালয়ত অধ্যয়ন কৰি যোৱা প্রাক্তন ছাত্র-ছাত্রী সকলৰ মাজতো অনুষ্ঠিত হ’ব।


মহাৰজত জয়ন্তী উদযাপন সমিতিৰ সাহিত্য আৰু আলোচনাচক্র উপ-সমিতিৰ সভাপতি দিগন্ত কুমাৰ কাকতি (৮৪৮৬০২৫২৬৬) আৰু সম্পাদক নয়নদীপ দত্ত(৬০০০৭৮৩১৬১) ই এক প্রেছ বিজ্ঞপ্তিযোগে জনাই যে ষষ্ঠ শ্রেণীৰ অষ্টম শ্রেণী লৈ ‘ক শাখা’ আৰু নৱম শ্রেণীৰ পৰা দ্বাদশ শ্রেণীলৈ ‘খ শাখা’ হিচাপে অনুষ্ঠিত হব লগা ৰচনা প্রতিযোগিতাৰ বিষয় হ’ল “ মোৰ সপোনৰ বিদ্যালয়খন”। অসমীয়া আৰু ইংৰাজী দুয়োটা মাধ্যমতে লিখিব পৰা ৰচনা সমূহ ১৫০০ শব্দৰ ভিতৰত হ’ব লাগিব।তদুপৰি একে কেইটা শাখাতে “স্ব ৰচিত কবিতা” আৰু “গল্প প্রতিযোগিতা”ও অনুষ্ঠিত হব। ছাত্র ছাত্রী সকলে নিজ নিজ বিদ্যালয় প্রধানৰ স্বাক্ষৰ সম্বলিত একোখন প্রমান পত্র নতুবা পৰিচয় পত্রৰ প্রত্যায়িত নকল সৈতে অহা ৩১ অক্টোৱৰ ২০২৪ তাৰিখৰ ভিতৰত পোৱাকৈ বগা কাগজৰ এপিঠিত স্পষ্ট হাতৰ আখৰেৰে নতুবা ডি টি পি কৰি ডাকযোগে অথবা পি ডি এফ কৰি মেইলযোগেও( nayandeepdutta95@gmail.com) পঠাব পাৰিব। ইয়াৰ উপৰি চৰকাৰী বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্রী সকলৰ মাজত “শিক্ষকতা জীৱনৰ মধুৰতম সময়” শীর্ষক আৰু ধেমাজি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অধ্যয়ন কৰি যোৱা প্রাক্তন ছাত্র-ছাত্রী সকলৰ মাজত “ ছাত্র জীৱনৰ মধুৰতম সময়” বিষয়ৰ সদৌ অসম ভিত্তিক চিঠি লিখা প্রতিযোগিতা অনুষ্ঠিত হব। এই চিঠিসমূহো ইংৰাজী নাইবা অসমীয়া ভাষাত একোখন ইনলেণ্ড কার্ডত যিমান লিখিব পাৰি সিমান সংখ্যাৰ শব্দৰে (প্ৰায় ৫০০)লিখিব পাৰিব।প্রতিযোগীসকলে নিজৰ বিদ্যালয়ত কর্মৰত যিকোনো প্রমাণ( নিযুক্তি পত্র বা পৰিচয়পত্রৰ প্রতিলিপি) আৰু প্রাক্তন ছাত্র- ছাত্রীসকলে ধেমাজি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা উর্ত্তীণৰ প্রমাণ পত্রৰ প্রতিলিপি লগত গাঁঠি দিব লাগিব।


প্রতিযোগিতালৈ পঠিওৱা ৰচনা,গল্প, কবিতা বা চিঠিৰ খামৰ ওপৰত “……প্রতিযোগিতালৈ বুলি লিখি ডাকযোগে সভাপতি/সম্পাদক,আলোচনা চক্র আৰু সাহিত্য উৎসৱ উপসমিতি, মহাৰজত জয়ন্তী উদযাপন সমিতি,মাৰফৎ: অধ্যক্ষা,ধেমাজি উচ্চতৰ মাধ্যমিক বিদ্যালয়,বৰপাটৰীয়া,ধেমাজি -৭৮৭০৫৭(অসম) নাইবা nayandeepdutta95@gmail.com ই মেইলযোগে অহা ৩১ অক্টোবৰ ২০২৪ বা তাৰ আগতে পোৱাকৈ প্রেৰণ কৰিব পাৰিব। ইয়াৰোপৰি নৱম শ্রেণীৰ পৰা দ্বাদশ শ্রেণীলৈ মাত্র এটা শাখাত “ধেমাজি জিলা ভিত্তিক বিদ্যালয় সমূহৰ মাজত কুইজ প্রতিযোগিতা” পতা হব।অহা ১৫ নৱেম্বৰ ২০২৪ তাৰিখে পুৱা ১১ বজাত অনুষ্ঠিত হব লগা কুইজ প্রতিযোগিতাখনত প্রতিখন বিদ্যালয়ৰ সব্বোর্চ্চ ৩ জন ছাত্র ছাত্রীয়ে নিজ বিদ্যালয় প্রধানৰ প্রমাণপত্র সহ একোটা দল হৈ অংশগ্রহন কৰিব পাৰিব।ৰচনা,গল্প, কবিতা, চিঠিলিখা আৰু কুইজ প্রতিযোগিতাৰ প্রথম ,দ্বিতীয় আৰু তৃতীয় স্থানপ্রাপ্ত বিজয়ীসকলক নগদ ধন ক্রমে ৩০০০ টকা,২০০০ টকা আৰু ১৫০০ টকাৰ লগতে প্রমাণপত্র আৰু গ্রন্থৰ টোপোলাৰে পুৰস্কৃত কৰা হব। এই প্রতিযোগিতাবোৰৰ বাহিৰেও ১৫ আৰু ১৬ নৱেম্বৰত হব লগা সাহিত্য উৎসৱত বিখ্যাত সাহিত্যিকৰে অন্তৰঙ্গ অনুষ্ঠান ,কবি সন্মিলন আদিও অনুষ্ঠিত হব।:এই অনুষ্ঠানতে প্রতিযোগিতা সমূ্হৰ ফলাফল ঘোষণা কৰাৰ লগতে পুৰস্কাৰসমূহো প্রদান কৰা হব।। উক্ত সকলোবোৰ অনুষ্ঠানতে সমুহ সাহিত্যপ্রেমী ৰাইজৰ উপস্থিতি আৰু সহযোগিতা আলোচনা চক্র আৰু সাহিত্য উপসমিতিৰ সভাপতি আৰু সম্পাদকে আশা কৰিছে।

লগতে পঢ়ক :ধেমাজিৰ মাছখোৱাত প্ৰধান শিক্ষক নিতুল বৰগোহাঁইৰ অপকৰ্মৰ বলি প্ৰথম শ্ৰেণীৰ এগৰাকী ছাত্ৰী…

Leave A Reply

Your email address will not be published.