Breaking

On the occasion of National Sports Day, an exciting traditional boat race event was inaugurated at Morigaon by Smt.Nandita Gorlosa, Minister of Sports and Youth Welfare, Government of Assam.ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস উপলক্ষে মৰিগাঁৱত ৰোমাঞ্চকৰ পৰম্পৰাগত নাও খেল অনুষ্ঠান ,অনুষ্ঠানটো উদ্বোধন কৰে মাননীয় অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ মন্ত্ৰী শ্ৰীমতী নন্দিতা গোৰ্লোছা

0 23

#Minister of Sports and Youth Welfare, Government of Assam#Nandita Gorlosa#national sport#

Minister Nandita Gorlosa

ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস উপলক্ষে মৰিগাঁৱত ৰোমাঞ্চকৰ পৰম্পৰাগত নাও খেল অনুষ্ঠান ,অনুষ্ঠানটো উদ্বোধন কৰে মাননীয় অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ মন্ত্ৰী শ্ৰীমতী নন্দিতা গোৰ্লোছাই

Minister Nandita Gorlosa

ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসৰ লগত সংগতি ৰাখি অসমৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ উদ্যোগত মৰিগাঁৱৰ চাৰণ বিলত এক মন্ত্ৰমুগ্ধ পৰম্পৰাগত নাও খেল প্ৰতিযোগিতাৰ আয়োজন কৰা হয় । তিৱা স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰ, অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ সচিব কৌশৰ জামিল হিলালি ,
জিলা আয়ুক্ত দেৱাশীষ শৰ্মা, অতিৰিক্ত জিলা আয়ুক্ত পল্লভী কাছাৰীকে ধৰি ক্ৰীড়া বিভাগৰ
সন্মানীয় জ্যেষ্ঠ তথা বিশিষ্ট বিষয়া সকলৰ উপস্থিতিত অনুষ্ঠানটো উদ্বোধন কৰে মাননীয় অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ মন্ত্ৰী শ্ৰীমতী নন্দিতা গোৰ্লোছা ডাঙৰীয়ানীয়ে।


Minister Nandita Gorlosa

মন্ত্ৰী মহোদয় নন্দিতা গৰ্লোছা ডাঙৰীয়ানীয়ে জিলাখনত জল ক্ৰীড়াৰ বিকাশৰ প্ৰতি দায়বদ্ধতা প্ৰকাশ কৰি কয় যে, জল ক্ৰীড়াৰ প্ৰসাৰৰ বাবে সকলো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা হব আৰু আমাৰ যুৱক-যুৱতীসকলক এই ক্ষেত্ৰত পাৰদৰ্শিতা দেখুৱাবলৈ সুযোগ প্ৰদান কৰিব বুলিও আশ্বাস দিয়ে। খেলুৱৈসকলক আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে প্ৰেৰণা যোগাবলৈ পৰ্তুগালৰ পৰা অহা এখন আন্তঃৰাষ্ট্ৰীয় অলিম্পিক পৰ্যায়ৰ কে -2 নেলো নাও এখন চাৰণ বিলক অৰ্পন কৰা হয়।মন্ত্ৰী মহোদয়ে আজিৰ পৃথিৱীত কয়াকিং আৰু কেনইঙৰ বিশাল পৰিসৰৰ ওপৰত গুৰুত্ব আৰোপ কৰি খেলুৱৈসকলক এই সুযোগসমূহৰ সুবিধা ল’বলৈ উৎসাহিত কৰে।

Minister Nandita Gorlosa

জিলা আয়ুক্ত দেৱাশীষ শৰ্মা ডাঙৰীয়াই মন্ত্ৰী মহোদয়ৰ কথা সংগতি ৰাখি জল ক্ৰীড়াৰ প্ৰসাৰৰ সুবিধাসমূহৰ ওপৰত আলোকপাত কৰে। ইয়াৰ দ্বাৰা কেৱল ক্ৰীড়া উন্নয়নেই নহয়, ই অঞ্চলটোৰ পৰ্যটনৰ দিশটো অৰিহণা যোগাব বুলিও মত প্ৰকাশ কৰে।জিলা আয়ুক্তগৰাকীয়ে জিলা প্ৰশাসনে ক্ৰীড়া বিভাগক তেওঁলোকৰ পদক্ষেপত সদায় সহায় আগবঢ়াব বুলি আশ্বাস দি কয়, “তেওঁলোকৰ অনুষ্ঠান আৰু উদযাপনৰ সফলতা নিশ্চিত কৰিবলৈ আমি সকলো প্ৰয়োজনীয় সহায় আগবঢ়াব বুলি মন্তব্য প্ৰকাশ কৰে।

Minister Nandita Gorlosa

এই অনুষ্ঠানত জিলা খনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ল’ৰা-ছোৱালীৰ মাজত ৰছী টনা, কাবাডী, ভলীবল আৰু অন্যান্য বিভিন্ন পৰম্পৰাগত খেলসমহ অনুষ্ঠিত কৰা হৈছিল। যুৱ প্ৰজন্মক উৎসাহিত কৰা মনসাৰে মন্ত্ৰী মহোদয় নন্দিতা গোৰ্লোছা আৰু অতিৰিক্ত জিলা আয়ুক্ত পল্লভী কাছাৰী ডাঙৰীয়ানীয়ে ক্ৰীড়া অনুষ্ঠানত অংশগ্ৰহণ কৰি এক উজ্জ্বল আদৰ্শ দাঙি ধৰে।দিনটোৰ মূখ্য আকৰ্ষণীয় দিশ আছিল পৰম্পৰাগত নাও খেল প্ৰতিযোগিতা, য’ত তিনিটা দল বিজয়ী হিচাপে ওলাই আহিছিল:

Minister Nandita Gorlosa

http://ডিব্ৰুগড়ত ৫২সংখ্যক অসম ৰাজ্যিক ভাৰোত্তোলন প্রতিযোগিতাৰ অনুষ্ঠানত কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালৰ অংশগ্রহণ” উঠি অহা চামৰ মাজত ভাৰোত্তোলনক জনপ্রিয় কৰি তোলাৰ লগতে প্ৰতিভাবান নতুন নতুন খেলুৱৈ জন্ম দিয়াৰ মানসেৰে তৃণমূল পৰ্যায়ৰ পৰাই ভাৰোত্তোলন প্রতিযোগিতা অনুষ্ঠিত কৰাটো অত্যন্ত প্রয়োজনীয়”: সৰ্বানন্দ সোণোৱাল

Leave A Reply

Your email address will not be published.