Breaking

‘বিশ্ব চকলেট দিৱস’ উপলক্ষেঃ ডাৰ্ক চকলেটৰ উপকাৰিতা…

0 20

আমাৰ বহুতৰে প্ৰিয় চকলেটৰ আছে কেইবাটাও উপকাৰী গুণ। হয়, চকলেট স্বাস্থ্যৰ বাবেও উপকাৰী। এই কথা প্ৰমাণিত হৈছে চিকিৎসা বিজ্ঞানৰ বিভিন্ন পৰীক্ষা-নিৰীক্ষাত। তুলনামূলকভাৱে আক’ ডাৰ্ক চকলেট তুলনামূলকভাৱে অধিক স্বাস্থ্যোপযোগী। ডার্ক চকলেটত প্রচুৰ পৰিমাণে সক্রিয় জৈৱ উপাদান থকাৰ ফলত ই এন্টিঅক্সিডেন্টৰ কাম কৰে।এন্টিঅক্সিডেন্টে আমাৰ দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। লগতে ই কোষৰ ক্ষতি ৰোধ কৰে। চিকিৎসা বিজ্ঞানৰ মতে কেঞ্চাৰ ৰোগৰ প্ৰতিৰোধতো ডাৰ্ক চকলেটে সামান্য হ’লেও ভূমিকা গ্ৰহণ কৰে। তুলনামূলকভাৱে অন্য চকলেটতকৈ ডার্ক চকলেটত চেনিৰ পৰিমাণ কম আৰু কোকোয়াৰ পৰিমাণ বেছি থাকে বাবে ইয়াত থকা কোকোয়া বীজৰ ফ্লেভানলে মস্তিষ্কৰ ৰক্তপ্রবাহ বৃদ্ধি কৰাৰ লগতে মস্তিষ্কৰ ৰোগ প্রতিৰোধ আৰু স্মৃতিশক্তি বৃদ্ধি কৰে।

ডার্ক চকলেটত থকা ট্রিপটোফানে অৱসাদগ্ৰস্ততা আঁতৰোৱাৰ উপৰি শৰীৰত ড’পামিন হৰমনৰ নিঃসৰণ বৃদ্ধি কৰি মনত উল্লাসানুভূতিৰ সৃষ্টি কৰে। শৰীৰৰ অপ্ৰয়োজনীয় কলেষ্টৰল হ্ৰাস কৰি ভাল ক’লেষ্টেৰলৰ মাত্ৰা বৃদ্ধি কৰা ডাৰ্ক চকলেট চৰ্দি, কাহ, মূৰৰ বিষ আদিৰ বাবেও উপকাৰী। চকলেটত-বিশেষকৈ ডাৰ্ক চকলেটত থকা ফ্লেভ’নলে মগজুৰ শক্তি প্ৰখৰ কৰাৰ ফলত স্মৃতিশক্তি বৃদ্ধিত অৰিহণা যোগায়।চিকিৎসা বিজ্ঞানৰ তথ্য মতে ডাৰ্ক চকলেটত থকা এন্টিঅক্সিডেন্টসমূহে ৰক্তচাপ কমোৱাৰ‌ লগতে হৃদযন্ত্ৰলৈ ৰক্ত সঞ্চালন বৃদ্ধি কৰাৰ ফলত ষ্ট্ৰ’ক, হৃদৰোগ আদিৰ সম্ভাৱনা কম হয় ৰোগ প্ৰতিৰোধ ক্ষমতাক ভাৰসাম্য ৰক্ষা কৰে ডাৰ্ক চকলেট সেৱনে।

লেখকঃ স্বপ্না দাস

Leave A Reply

Your email address will not be published.