Breaking

তৃতীয় দিনাও অব্যাহত ‘দৈনন্দিন বাৰ্তা গোষ্ঠী’ চিৰঞ্জীৱী হোৱাৰ লক্ষ্যৰে বিশেষ যাত্ৰা…

0 83

“ঘৰে ঘৰে দৈনন্দিন বাৰ্তা, ঘৰে ঘৰে দ্য আছাম ৰাইজিং, ঘৰে ঘৰে আলোকপ্ৰভঞ্জন আৰু মোবাইলে মোবাইলে ডি বি নিউজ”- ‘দৈনন্দিন বাৰ্তা কাকত গোষ্ঠী’ৰ চৈধ্য বছৰীয়া গৌৰৱোজ্জ্বল সফল যাত্ৰা চিৰঞ্জীৱী কৰাৰ লক্ষ্যৰে লোৱা হৈছে বিশেষ পদক্ষেপ। ঠায়ে ঠায়ে বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিসকলক সম্বৰ্ধনা কাৰ্যসূচী হাতত লোৱা হৈছে। ব্যতিক্ৰম নহয় দৰং জিলাৰ কৌপাটিতৰ নেপালী গাঁও। মঙলবাৰে আবেলি Assam payৰ স্বত্বাধিকাৰী উদীয়মান যুৱক মুস্তাফিজুৰ ৰহমানক এখনি স্মাৰক পত্ৰ, এখনি ফুলাম গামোচা, দৈনন্দিন বাৰ্তা কাকত, দ্য আসাম ৰাইজিং আৰু আলোকপ্ৰভঞ্জন কাকতেৰে জনোৱা হয় সম্বৰ্ধনা।

সম্বৰ্ধিত হৈ দৈনন্দিন বাৰ্তা চিৰঞ্জীৱি হোৱাৰ বাবে মনে-প্ৰাণে প্ৰাৰ্থনা কৰে মুস্তাফিজুৰ ৰহমানে।

২০২২ চনৰ ২০ ছেপ্টেম্বৰ তাৰিখে মুস্তাফিজুৰ ৰহমানে ৰাইজৰ বাবে মুকলি কৰিছিল Assam Pay নামৰ এপ্লিকেচন। মুকলিৰ পিছতে অসমবাসী ৰাইজৰ বিপুল সঁহাৰি লাভ কৰিছিল Assam Pay নামৰ এপ্লিকেচনটোৱে। পিছপৰা অঞ্চলৰ যুৱক মুস্তাফিজুৰ ৰহমানে বহু ঘাত-প্ৰতিঘাতৰ মাজেদি নিজৰ Axom Tech Seva Private limited নামৰ এক প্ৰতিষ্ঠিত কোম্পানী প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে। ২০২০ চনত মুস্তাফিজুৰ ৰহমানে TikMik নামৰ এপ্লিকেচন আৱিষ্কাৰ কৰি সমগ্ৰ অসমত আলোৰন সৃষ্টি কৰিছিল।

টকাৰ অভাৱৰ বাবে TikMik নামৰ এপ্লিকেচন আৱিষ্কাৰ কৰি সফলতা লাভ কৰিব পৰা নাছিল। পিছলৈ নিজাকৈ YouTube চেনেলত ভিডিঅ’ আপলোড কৰিছিল যদিও সফলতা লাভ কৰিব পৰা নাছিল। তাৰ পিছত অনলাইন যোগে মাত্ৰ ১০ হাজাৰ টকা ঋণ লৈ Assam Pay নামৰ এপ্লিকেচন আৱিষ্কাৰ কৰি ৰাইজৰ বাবে মুকলি কৰিছিল। মুকলিৰ পিছতে অসমবাসী ৰাইজৰ বিপুল সঁহাৰি লাভ কৰিবলৈ সক্ষম হয়। লাহে লাহে সফলতাৰ হাঁহি দেখিবলৈ পালে মুস্তাফিজুৰ ৰহমানে। বৰ্তমান মুস্তাফিজুৰ ৰহমানৰ কোম্পানীত প্ৰায় ১০ জনৰো অধিক লোকে কৰ্ম সংস্থাপন পাবলৈ সক্ষম হৈছে লগতে ১ লাখৰো অধিক ব্যাৱহাৰকাৰীলৈ আগুৱাই যাবলৈ সক্ষম হৈছে মুস্তাফিজুৰ ৰহমান। দলগাঁৱৰ যুৱক মুস্তাফিজুৰ ৰহমানৰ এনে কৰ্মত সমগ্ৰ দলগাঁওবাসী উৎফুল্লিত।

Leave A Reply

Your email address will not be published.