Breaking

সাৱধান! ইজনৰ পিছত সিজন আক্ৰান্ত এনকেফেলাইটিছত…

0 14

লাকুৱাত পুনৰ এনকেফেলাইটিছত আক্ৰান্ত এগৰাকী ব্যক্তি। লাকুৱা দিহঙ্গীয়া কোৱৰ গাঁৱৰ প্ৰদীপ বাইলুং নামৰ ব্যক্তি জন আক্ৰান্ত এনকেফেলাইটিছত। লক্ষ্যনীয় বিষয় এয়ে যে কিছুদিন পূৰ্বে লাকুৱাৰ মোহন দেওধাই গাৱৰ উজনি কোঁৱৰ গাঁও চুকত এনেকেফেলাইটিছ সদৃশ ৰোগত আক্ৰান্ত হৈছিল দুগৰাকীকৈ ব্যক্তি। তাৰে এজন শিশু হোৱাৰ বিপৰতে আন গৰাকী আছিল মহিলা।
এইবাৰ আকৌ পুনৰ লাকুৱা অঞ্চলৰে প্ৰদীপ বাইলুং আক্ৰান্ত হৈছে এনকেফেলাইটিছত।


প্ৰদীপ বাইলুঙৰ বয়স প্ৰায় ৬৩ বছৰ বুলি জানিব পৰা গৈছে৷এনকেফেলাইটিছত আক্ৰান্ত প্ৰদীপ বাইলুং বৰ্তমান শিৱসাগৰৰ ডিমৌস্থিত চুকাফা হাস্পতালত চিকিৎসাধীন হৈ আছে বুলি জানিব পৰা গৈছে। প্ৰদীপ বাইলুং ইতিমধ্যে আৰোগ্য লাভ কৰিছে যদিও বৰ্তমান চিকিৎসাধীন। লাকুৱাত এনকেফেলাইটিছত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি এতিয়া স্বাস্থ্য বিভাগে সমগ্ৰ লাকুৱা অঞ্চলতে সজাগতাৰ সৃষ্টি কৰাৰ লগতে যাৱতীয় ব্যৱস্থা যেনে আঁঠুৱাত ঔষধীকৰণ আৰু অঞ্চলতোত ধুৱা দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে৷

Leave A Reply