Breaking

নগাঁৱত জাল নোট সহ এজন গ্ৰেপ্তাৰ

0 2,232

নগাঁও চহৰৰ পাৰ্শ্বৱৰ্তী মধুপুৰত আজি সন্ধিয়া আৰক্ষীয়ে অভিযান চলাই এটা ভাড়াঘৰৰ পৰা জাল নোট সহ এজন লোকক গ্ৰেপ্তাৰ কৰে । আৰক্ষীয়ে পাঁচশ টকীয়া জাল নোটৰ লগতে জাল নোট বনোৱা মেচিন,  কাগজকে ধৰি কেতবোৰ সামগ্ৰীও জব্দ কৰে । জাল নোট ব্যৱসায়ৰে জড়িত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা লোকজন হৈছে ফাৰুক হুছেইন (৪৫)। ধৃত লোকজনৰ ঘৰ জাগীৰোড থানাৰ অন্তৰ্গত আলিচিঙাত।ফাৰুকে মধুপুৰৰ চাইজুল আৰু আব্দুল কালাম নামৰ লোক দুজনৰ ঘৰ  ভাড়াত লৈ  জাল নোট প্ৰস্ত্তত কৰি  মানুহক প্ৰৱঞ্চনা কৰি আহিছিল । আনহাতে ভাড়াঘৰৰ দুই গৰাকী সম্প্ৰতি  পলাতক অৱস্থাত থকা বুলি আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা গৈছে । এই জালনোটৰ চক্ৰটোৱে কৌশেলেৰে মানুহক প্ৰৱঞ্চনা  কৰি অহা বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে । আনহাতে নগাঁও জিলাত সক্ৰিয় হৈ থকা জালনোটৰ চক্ৰটোৱে ক্ষুদ্ৰ ক্ষুদ্ৰ গোট তৈয়াৰ কৰি তেজপুৰ আৰু লখিমপুৰ জিলাত জালনোটৰ ব্যৱসায় চলাই অহা বুলি আৰক্ষী সূত্ৰে জানিব পৰা গৈছে ।

Leave A Reply

Your email address will not be published.