Breaking

নলবাৰী আমছা হাউচত নলবাৰী পৰিবহন বিভাগ, দক্ষতা বিকাশ কেন্দ্ৰৰ উদ্যোগত তথা নলবাৰী স্বাস্থ্য বিভাগ,পৰ্যটন বিভাগৰ উদ্যোগত ড্ৰাইভিং প্ৰশিক্ষণাৰ্থীক পৰ্যটন বিষয় সন্দৰ্ভত এদিনীয়া প্ৰশিক্ষণ প্ৰদান

0 1,558

নলবাৰী জিলাৰ তিনিওটা সমষ্টিত ক্ৰমে, নলবাৰী,ধৰ্মপুৰ,বৰক্ষেত্ৰীত ৰাজ্যৰ পৰিবহন বিভাগ তথা দক্ষতা বিকাশৰ উদ্যোগত অনুষ্ঠিত কৰা হৈছিল ৪২ দিনীয়া বিনামূলীয়া ড্ৰাইভিংৰ প্ৰশিক্ষণ । সেইমৰ্মে আজি নলবাৰী জিলা পৰিবহন বিভাগ, দক্ষতা বিকাশ কেন্দ্ৰ তথা ৰাজ্যৰ পৰ্যটন বিভাগ আৰু স্বাস্থ্য বিভাগৰ সহযোগত অনুষ্ঠিত কৰা হয় এদিনীয়া পৰ্যটন বিষয় সন্দৰ্ভত প্ৰশিক্ষণৰ কৰ্মশালা । বিশিষ্ট নাট্যকাৰ গিৰীন্দ্ৰ দাসে আঁত ধৰা অনুষ্ঠানটোত পৰ্যটন বিষয় সন্দৰ্ভত আলোকপাত কৰে আমন্ত্ৰিত অতিথি তথা পৰ্যটন বিভাগৰ যুটীয়া সঞ্চালক ডা: হৃদয় ৰঞ্জন দাসে।

আনহাতে বিদেশৰ পৰা অহা এগৰাকী পৰ্যটকক কেনেকুৱা সজ ব্যৱহাৰ কৰি সেৱা প্ৰদান কৰিব লাগে সেই সন্দৰ্ভতো মত ব্যক্ত কৰে পৰ্যটন বিভাগৰ যুটীয়া সঞ্চালক গৰাকীয়ে । তদুপৰি সদায় যাতায়তৰ সময়ত সদায় সুস্থ মগজুৰে তথা পৰিবহন আইন মানি চলি গাড়ী চলাবলৈ আহ্বান জনাই নলবাৰীৰ পৰিবহন বিষয়া সীমান্ত কুমাৰ বৰাই । অনুষ্ঠানটোত উপস্থিত প্ৰশিক্ষণাৰ্থী সকলে এই বিনামূলীয়া প্ৰশিক্ষণ প্ৰদানৰ বাবে পৰিবহন বিভাগ,পৰ্যটন বিভাগ,দক্ষতা বিকাশ কেন্দ্ৰ তথা প্ৰশিক্ষণ প্ৰদান কৰি থকা গ্লোবেল গ্ৰাফিক্স কেন্দ্ৰক ধন্যবাদ জ্ঞাপন কৰে। আজিৰ এই অনুষ্ঠানত নলবাৰী পৰিবহন বিভাগৰ এম ভি আই জয়ন্ত দেউৰী,সহকাৰী পৰ্যটক তথ্য বিষয়া গৌতম গগৈ, মহকুমা স্বাস্থ্য ও চিকিৎসা বিষয়া ডা: সুৰেন্দ্ৰ নাথ মজুমদাৰ,গ্লোবেল গ্ৰাফিক্স নলবাৰীৰ স্বত্বাধিকাৰী উদ্ধৱ কলিতা সহ তিনিও টা সমষ্টিৰ প্ৰশিক্ষণাৰ্থী সকল উপস্থিত থাকে । আনহাতে অনুষ্ঠানটোৰ শেষত শলাগৰ শৰাই আগবঢ়াই সাংস্কৃতিক কৰ্মী বিনোদ ৰাজবংশীয়ে ।

Leave A Reply

Your email address will not be published.