Breaking

তামুলপুৰৰ ভাৰত-ভূটান সীমান্তৰ গণেশগুৰীত বনৰীয়া হাতীৰ আক্ৰমণত নিহত এজন

0 519

তামুলপুৰৰ ভাৰত- ভূটান সীমান্তৰ গণেশগুৰীত বনৰীয়া হাতীৰ আক্ৰমণত নিহত এজন লোক ৷

নিহত লোকজনৰ নান টিমা বান্দো, তেওঁৰ ঘৰ কালিপুৰৰ চেগুনবাৰীত।

আজি পুৱা পাঁচমান বজাত ঘৰৰ সমীপৰ জংঘললৈ প্ৰাত:কৃত্য সমাপন কৰিবলৈ বাবে যাওতে বনৰীয়া হাতীয়ে আক্ৰমণ কৰাত ঠাইতে নিহত হয় টিমা বান্দো।

ঘটনাৰ খবৰ পায়েই আৰক্ষীয়ে কুমাৰীকাটা আৰক্ষী চকীলৈ মৃতদেহ লৈ আহে ৷

Leave A Reply

Your email address will not be published.