Breaking

ধুবুৰীৰ মিচন ৰোডত বিদ্যুতৰ তাঁৰ ছিঙি এজনৰ মৃত্যু, মৃতদেহ লৈ বিভাগীয় কাৰ্যালয়ৰ সন্মুখত উত্তাল প্ৰতিবাদ

0 24

ধুবুৰীত অঘটন! বিদ্যুতৰ তাঁৰ ছিঙি এজনৰ মৃত্যু। মৃত্যু হোৱা লোক জনৰ নাম নৱজিৎ সিং চৌধুৰী। ঘটনাটো সংঘটিত হয় ধুবুৰীৰ ১৬ নং ওৱাৰ্ড মিচন ৰোডত৷ অভিযোগ অনুসৰি বিদ্যুৎ বিভাগৰ চৰম গাফিলতিৰ বাবে সংঘটিত হয় দুৰ্ঘটনাটো। ঘটনাক কেন্দ্ৰ তীব্ৰ উত্তেজনা।

দীৰ্ঘদিন ধৰি মিচন ৰোডৰ এটা ট্ৰান্সফৰ্মাৰ বিসংগতি পূৰ্ন হৈ আছিল। বৃহস্পতিবাৰে ট্ৰান্সফৰ্মাৰটোত বৈদ্যুতিক বিচ্যুতি ঘটি প্ৰচণ্ড শব্দ হৈ অগ্নি নিৰ্গত হয়।

ঘটনাটো প্ৰত্যক্ষ কৰাৰ বাবে মিচন ৰোডৰ বাসিন্দা তথা গোলকগঞ্জ বিদ্যুৎ বিভাগৰ কৰ্মী নৱজিৎ সিং চৌধুৰী ঘৰৰ পৰা বাহিৰত ওলায়। তেনে সময়তে ঘৰৰ ওচৰতে থকা ট্ৰন্সফৰ্মাৰৰ পৰা বিদ্যুতৰ তাঁৰ চিঙি লোকজনৰ গাৰ ওপৰত পৰে।

ফলত লোক জন বিদ্যুতস্পৃষ্ট হৈ গুৰুত্বৰ আহত হয়। ঘটনাটো প্ৰত্যক্ষ কৰি স্থানীয় ৰাইজে ধুবুৰী বিদ্যুৎ বিভাগক খবৰ দিয়াত বিদ্যুৎ সংযোগ কাটি দিয়াত লোক জনক উদ্ধাৰ কৰি ধুবুৰী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত ভৰ্তি কৰায়।

কিন্তু চিকিৎসাধীন অৱস্থাতে লোক জনৰ মৃত্যু হয়। ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে তীব্ৰ উত্তেজনাৰ।

ধুবুৰী বিদ্যুৎ বিভাগৰ কাৰ্যালয়ৰ সন্মুখত মৃতদেহ লৈ পৰিয়ালৰ লোক তথা স্থানীয় ৰাইজে ক্ষতিপূৰণ বিচাৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হয়। অৱশেষত আৰক্ষীৰ লোক আৰু বিদ্যুত বিভাগৰ এছ,ডি,ও আহি পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনে।

Leave A Reply

Your email address will not be published.