Breaking

বঙাইগাঁৱত অটোৰ ওপৰতে বাগৰি পৰিল গছঃ এজনৰ মৃত্যু , আহত আন এজন

0 35

বঙাইগাঁও চহৰৰ নিকটৱৰ্তী উত্তৰ মাজগাঁৱত আজি নিশা আঠমান বজাত গছ উভালি পৰি অটোত থকা আৰোহীৰ মৃত্যু ঘটে ৷ বঙাইগাঁও -উত্তৰ শালমাৰাৰ বীৰ চিলাৰায় ৰাজ্যিক পথত সংঘটিত উক্ত ঘটনাত এ এছ ১৯ চি ৯৫৮০ নম্বৰৰ অটোখন সম্পূৰ্ণৰূপে বিধ্বস্ত হয় ৷ জানিব পৰা মতে অটোখন সেই সময়ত বঙাইগাঁৱৰ দিশৰ পৰা মাজগাঁৱৰ দিশে গৈ আছিল আৰু হঠাতে অটোখনৰ ওপৰত গছডাল বাগৰি পৰে ৷

ঘটনাটোত কাশীডোবাৰ চিত্তৰঞ্জন শৰণীয়া নামৰ আৰোহীজনৰ থিতাতে মৃত্যু ঘটাৰ লগতে চালক ধ্ৰুৱ মেছ আহত হয় ৷ বতাহ বৰষুণৰ মাজতে সংঘটিত এই ঘটনাৰ পাছত নিহত লোকজনৰ মৃতদেহ উদ্ধাৰ কৰি নিকটৱৰ্তী বঙাইগাঁও অসামৰিক চিকিৎসালয়লৈ নিয়া হয় ৷ লগতে আহত লোকজনকো চিকিৎসালয়খনত ভৰ্তি কৰোৱা হয় ৷

Leave A Reply