Breaking

সোণাৰিত গ্ৰাহকৰ একাউন্টৰ পৰা হেকাৰে লুটি নিলে এক লাখ উননব্বৈ হাজাৰ টকা

0 57

চাইবাৰ ক্ৰাইমৰ দ্বাৰা হেকৰে গ্ৰাহকৰ অজ্ঞাতে বেংক একাউণ্টৰ পৰা লাখ লাখ টকা ধন সৰকাই নিয়াৰ ঘটনা সংঘটিত হৈ অহাৰ সময়তে কালি সোণাৰি নগৰৰ এজন ব্যক্তিৰ একাউণ্টৰ পৰা হেকৰে এক লাখ উননব্বৈ হাজাৰ টকা লুটি নিয়াৰ ঘটনা পোহৰলৈ অহাত সমগ্র অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে ।

ঘটনাৰ বিৱৰণী মতে অঞ্চলটোৰ নিবাসী তথা অৱসৰপ্ৰাপ্ত শিক্ষক সুজিত প্ৰামানিকৰ ৯৪০১২০৫১৮৫ বি এছ এন এল মোবাইলত কালি বিয়লি নিজকে বি এছ এন এল ৰ বিষয়া বুলি পৰিচয় দি ৭৪৩৯১৪৮৪১০৭ নম্বৰৰ পৰা এজন লোকে ফোন কৰে । সম্পূৰ্ণ হিন্দী ভাষাত কথা পতা বতৰা পতা লোকজনে শীঘ্ৰেই কে ৱাই চি নিদিলে তেওঁৰ মোবাইল সেৱা বন্ধ হৈ যাব বুলি প্ৰামানিকক জানিবলৈ দিয়ে । সেয়ে মোবাইল সেৱা অব্যাহত ৰাখিবলৈ লোকজনে প্ৰামানিকক  নিজৰ বেংক আৰু এ টি এম ৰ বিৱৰণ বিচাৰে । প্ৰামানিকে ভাৰতীয় ষ্টেট বেংক সোণাৰি শাখাত থকা তেওঁৰ একাউন্টৰ বিৱৰণী লোকজনক দিয়াৰ লগে লগে তেওঁৰ একাউন্টৰ পৰা প্ৰথমে ৯৫ হাজাৰ আৰু তাৰ অলপ পাছতে ৯৪ হাজাৰ টকা উত্তোলন হোৱা বুলি মোবাইলত বাৰ্তা আহে ।

তেতিয়াহে তেওঁ বুজিব পাৰে তেওঁ হেকাৰৰ কৱলত পৰিছে আৰু লোকজন কোনো বি এছ এন এল ৰ বিষয়া অথবা কৰ্মচাৰী নহয় প্ৰকৃততে লোকজন এজন ঠগহে আছিল । লোকজনে আজি ঘটনাৰ সন্দৰ্ভত বেংক কৰ্তৃপক্ষক অৱগত কৰাৰ লগতে সোণাৰি আৰক্ষী থানাত এক এজাহাৰ ইতিমধ্যে দাখিল কৰেছে ।

Leave A Reply

Your email address will not be published.