One Nation One Election Bill: আজি লোকসভাত উত্থাপন এক দেশ এক নিৰ্বাচন বিধেয়ক

আজি লোকসভাত উত্থাপন এক দেশ এক নিৰ্বাচন বিধেয়ক। আইনমন্ত্ৰী অৰ্জুন মেঘুৱালে সদনত উত্থাপন কৰিলে বিধেয়কখন। (One Nation One Election Bill)

দিনৰ ১২ বজাত আইন মন্ত্রী অর্জুন ৰাম মেঘৱালে উত্থাপন কৰে এই বিধেয়কখন। এই বিধেয়কক সংবিধান (১২৯ সংশোধন) বিধেয়ক ২০২৪ নামাকৰণ কৰা হৈছে। এই বিধেয়ক আইনত পৰিণত হ’লে যুগান্তকাৰী পৰিৱৰ্তন ঘটিব দেশৰ নিৰ্বাচনৰ।

লোকসভা, বিধানসভাৰ লগতে স্থানীয় নিগম-নিকায়ৰ নির্বাচনো হ’ব একেলগে। ১২ ডিচেম্বৰত কেন্দ্ৰীয় কেবিনেটে অনুমোদন দিছিল ‘এক দেশ, এক নিৰ্বাচন’ বিধেয়কখনত।চৰকাৰে লোকসভাৰ অধ্যক্ষক এখন যুটীয়া সংসদীয় কমিটী গঠন কৰি দিয়াৰ বাবে অনুৰোধ জনাব। এই যুটীয়া সংসদীয় কমিটীখনে বিধেয়কখনৰ পৰ্যালোচনা কৰাৰ লগতে দেশৰ বিভিন্ন ৰাজনৈতিক দলৰ মতামতো গ্ৰহণ কৰিব।

বিধেয়কখন আইনত পৰিণত কৰাৰ আগে আগে দেশৰ প্ৰতিখন ৰাজ্যত ৰাজহুৱা শুনানি গ্ৰহণ কৰি জনতাৰ মতামতো গ্ৰহণ কৰিব লাগিব যুটীয়া সংসদীয় কমিটীয়ে।


Related Articles