ধনশিৰি মহকুমাৰ অসম নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চলৰ উৰিয়ামঘাট স্থিত সোনাপুৰত ১০০০ কেবি কাৰেণ্টৰ তাৰত বিদ্যুৎ পৃষ্ঠ হৈ এজন লোকৰ থিতাতে নিহত হয় ।জানিব পৰা মতে এখন শিল ভৰ্তি ডাম্পাৰ দৈয়াং নদীৰ পৰা শিল কঢ়িয়াই আনি থকা অৱস্থাত তেওঁ নিজৰ ডাম্পাৰ খন ৰখাই অন্য এখন ডাম্পাৰ পাছফালৰ ডলা খন এৰি যোৱাত ড্ৰাইভাৰ জনে সহায় কৰিবলৈ যোৱাত এই ঘটনাটো সংঘটিত হয় । বিদ্যুৎ পৃষ্ঠ হৈ মৃত্যু বৰণ কৰা লোকজনৰ নাম ভাৰ্গৱ গগৈ বুলি চিনাক্ত কৰা হৈছে তেওঁৰ বয়স প্ৰায় ৩০ বছৰ । উক্ত দুৰ্ঘটনাত আন দুজন ব্যক্তি ও গুৰুত্ব ভাবে আহত হৈছে বুলি জানিব পৰা গৈছে ।
ঘটনাস্থলীত উৰিয়ামঘাটৰ আৰক্ষী বিষয়া উপস্থিত হৈ ঘটনাটোৰ সন্দৰ্ভত বুজ লৈ মৃত লোকজনক মৰন্তৰ পৰীক্ষাৰ কাৰণে লৈ অনা হৈছে ।