Breaking

লখিমপুৰ জিলাৰ ৰঙানদী আৰু ঘূণাসুঁতি শিক্ষাজ্যোতি আঁচনিৰ অধীনত কৃতি ছাত্ৰ – ছাত্ৰীক এককালীন আৰ্থিক সাহায্য বিতৰণ…

0 75

লখিমপুৰ জিলাৰ ৰঙানদী আৰু ঘূণাসুঁতি শিক্ষাজ্যোতি আঁচনিৰ অধীনত কৃতি ছাত্ৰ- ছাত্ৰীক এককালীন আৰ্থিক সাহায্য বিতৰণঃ  চাৰি গৰাকী ৰাষ্ট্ৰীয়, আন্তঃৰাষ্ট্ৰীয়  পৰ্যায়ৰ ফুটবল খেলুৱৈক বিশেষ সম্বৰ্ধনা ; 

মিচিং স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিকৰ  চূড়ান্ত বৰ্ষৰ পৰীক্ষাত ৬০ শতাংশতকৈ অধিক নম্বৰ পাই উত্তীৰ্ণ হোৱা মেধাৱী ছাত্ৰ-ছাত্ৰীক আজি মিচিং স্বায়ত্তশাসিত পৰিষদৰ ২৪ নং ৰঙানদী আৰু ১৯ নং ঘুণাসূঁতি-পূৱ তেলাহী সমষ্টিৰ ফালৰ পৰা  এককালীন আৰ্থিক সাহায্য প্ৰদান কৰা হয় ।  আজি  মিচিং স্বায়ত্তশাসিত পৰিষদৰ অন্তৰ্গত  ২৪ নং ৰঙানদী  পৰিষদীয় সমষ্টিৰ  ২১৪ গৰাকী ছাত্ৰ-ছাত্ৰীৰ মাজত ১২ লাখ ৩৬ হেজাৰ টকা এককালীন সাহায্য হিচাপে  বিতৰণ  কৰা হয়  । আজি লখিমপুৰ জিলাৰ পহুমৰাস্থিত ৰঙানদী সাংস্কৃতিক ৰংগমঞ্চত  ৰঙানদী সমষ্টিৰ পৰা, আন্তৰাষ্ট্ৰীয়, ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক ভিত্তিত অনুষ্ঠিত হোৱা ফুটবল প্ৰতিযোগিতা অংশ গ্ৰহণ কৰা চাৰি গৰাকী  খেলুৱৈ ক্ৰমে ৰুয়ুম দলে , বিৰিণা পেগু, কৰিণা নৰহ, আৰু সোণালী পেগুক  বিশেষ ভাৱে সম্বৰ্ধনা জনোৱাৰ  লগতে মেধাৱী ছাত্ৰ-ছাত্ৰীক এককালীন সাহায্য প্ৰদান কৰা হয় । খেলুৱৈ সকলক এটা স্মাৰক, এজোৰ জাৰ্চি , একোখনকৈ  অৗৰকগেৰে সম্বৰ্ধনা জনোৱা হয় । 

ৰঙানদী সাংস্কৃতিক ৰংগমঞ্চত অনুষ্ঠিত হোৱা সাহায্য বিতৰণি সভাখনি সঞ্চালনা কৰে লখিমপুৰ জিলাৰ গড়ছিগা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ মইনুল হক চৌধুৰীয়ে । অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰি ভাষণ দিয়ে মিচিং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য প্ৰশান্ত বড়িয়ে । তেওঁ ছাত্ৰ-ছাত্ৰীসকলক নম্বৰৰ পাছত দৌৰাতকৈ জ্ঞানৰ পাছত দৌৰিবলৈ আহ্বান জনায় ৷ তেওঁ সামাজিক মাধ্যমৰ বেয়া দিশবোৰ এৰাই চলি ইয়াৰ ভাল দিশবোৰ আকোঁৱালী ল’বলৈ ছাত্ৰ-ছাত্ৰীসকলক  আহ্বান  জনোৱাৰ লগতে অত্যধিক সামাজিক মাধ্যমৰ ব্যৱহাৰে অযথা সময় নষ্ট কৰে আৰু মানসিক দিশত কু-প্ৰভাৱ পেলাই বুলিও দোহাৰে ৷ সময়ৰ সৎ ব্যৱহাৰ, উপযুক্ত সময়ত উপযুক্তভাৱে লোৱা সিদ্ধান্ত, শৃংখলাবদ্ধ কৰ্মৰাজিয়ে ছাত্ৰ-ছাত্ৰীসকলক মানৱ সম্পদ গঢ়াত সহায় কৰাৰ লগতে  দেশৰ মানৱ সম্পদ হিচাপে নিজকে গঢ়ি তুলিবলৈ কষ্ট-ত্যাগ, সামাজিক দায়বদ্ধতা নিতান্তই প্ৰয়োজন বুলিও কাৰ্যবাহী সদস্য প্ৰশান্ত বড়িয়ে দোহাৰে ৷ তেওঁ কয়- অধ্যয়নৰ কোনো সীমনা নাই ৷ জ্ঞান প্ৰাপ্তিৰ বাবে অধ্যয়ন অহৰহ চলাই নিব লাগে ৷ যিমানেই অধ্যয়ন কৰিব ইমানেই জ্ঞানৰ পৰিসীমা বৃদ্ধি পাব বুলিও তেওঁ ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি মন্তব্য আগবঢ়ায় ৷  অনুষ্ঠানখনৰ আদৰণি ভাষণ দিয়ে ৰঙানদী পৰিষদীয় সমষ্টিৰ কাৰ্যবাহী সদস্য দেৱৰঞ্জন মৰাঙে ৷ তেওঁ ছাত্ৰ-ছাত্ৰী আৰু খেলুৱৈসকলে নিজৰ মেধা শক্তিৰ জৰিয়তে ৰঙানদীবাসীক আলোকিত কৰি ৰঙানদীবাসীক গৌৰৱান্বিত বুলি দোহাৰে ৷ জীৱনৰ মাদকতা সকলো ভাল কামতে আছে ৷

ৰঙানদীৰ দৰে পিছপৰা অঞ্চলৰ পৰাও যে, ৰাষ্ট্ৰীয়, আন্তৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিভাৱান যুৱক-যুৱতী ওলাব পাৰে এইয়া আমাৰ ফুটবল খেলুৱৈ ৰুয়ুম দলে, কৰিণা নৰহ, বিৰিণা পেগু আৰু সোণালী পেগুৱে দেখুৱাবলৈ সক্ষম হৈছে বুলি তেওঁ দোহাৰে ৷    ইফালে  মিচিং স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত ১৯ নং ঘূণাসুঁতি-পূৱ তেলাহী পৰিষদীয় সমষ্টিটো আজি   ২০২৩ আৰু ২০২৪ বৰ্ষৰ উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ আৰু উচ্চতৰ মাধ্যমিক  চূড়ান্ত বৰ্ষৰ পৰীক্ষাত ৬০ শতাংশতকৈ অধিক নম্বৰ পাই  উত্তীৰ্ণ হোৱা মেধাৱী ছাত্ৰ-ছাত্ৰীলৈ  পৰিষদৰ ফালৰ পৰা এককালীন আৰ্থিক সাহায্য বিতৰণ  ।  দিনজোৰা কাৰ্যসূচীৰে ঘূণাসুঁতি চলিচুক  আঞ্চলিক ৰঙ্গমঞ্চত অনুষ্ঠিত কৰা এই বৃহৎ সভাত পৰিষদীয় সমষ্টিৰ ৫ শতাধিক লোক উপস্থিত থাকে । উক্ত সভাত হাই স্কুল শিক্ষান্ত পৰীক্ষাত ৬০ শতাংশতকৈ অধিক নম্বৰ পাই  উৰ্ত্তীণ হোৱা ছাত্ৰ-ছাত্ৰীক ৫,০০০ টকা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাত ৬০ শতাংশতকৈ অধিক নম্বৰ পাই উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীক ৭,০০০ টকাকৈ সৰ্বমুঠ ৪৬৫ গৰাকী ছাত্ৰ-ছাত্ৰীক আনুষ্ঠানিভাৱে এই এককালীন আৰ্থিক সাহায্য  প্ৰদান কৰা হয় । মিচিং স্বায়ত্তশাসিত পৰিষদৰ এই অনুষ্ঠানত  সভাপতিত্বত কৰে ঘূণাসুঁতি মিৰি-জীয়ৰী মহাবিদ্যালয়ৰ অধ্যক্ষ খগেন পায়েঙে ৷ অনুষ্ঠানত আদৰণি ভাষণ দিয়ে  ১৯ নং ঘূণাসুঁতি-পূৱ তেলাহিৰ কাৰ্যবাহী সদস্য বিজু কুমাৰ পেগুৱে ৷ সভাত উপস্থিত থাকে পৰিষদৰ কাৰ্যবাহী সদস্য পুৰুষোত্তম দলে,   টি এম এম কেৰ সাধাৰণৰ সম্পাদিকা শৰ্মিলা পায়েং পেগু ,  এম এম কেৰ কাৰ্যালয় সম্পাদক নিম কুমাৰ পেগু,  টি এম পি কেৰ কেন্দ্ৰীয় সদস্য ৰবীন দলে, সদস্য কবিন্দ্ৰ পায়েং, সন্মিলিত গণশক্তিৰ কেন্দ্ৰীয় সদস্য  বিখানন্দ মিলি আদিয়ে ৷

Leave A Reply

Your email address will not be published.