ৰোগীৰ জীৱনকলৈ হেতালি অ’ এন জি চিৰ

 থলুৱা ক্ষুদ্ৰ ব্যৱসায়ী – পৰিয়ালক ভাতে মাৰি বহিৰাগত পুঁজিপতি গোষ্ঠী এপল’ক ঔষধ ব্যৱসায়ৰ বাবে বৰপীড়া পাৰি দিয়া মহাৰত্ন উদ্যোগ ” তেল আৰু প্ৰাকৃতিক গেছ নিগম , অসম সম্পদ ”  ( অ’ এন জি চি ) ৰ হঠকাৰী সিদ্ধান্তই প্ৰতিষ্ঠানটোৰ হাজাৰ হাজাৰ কৰ্মচাৰী , প্ৰাক্তন কৰ্মচাৰী – পৰিয়ালৰ জীৱনকলৈ হেতালি খেলা বিষয়টোয়ে ব্যাপক প্ৰতিক্ৰিয়া আৰু ক্ষোভৰ বৰ্হি:প্ৰকাশ ঘটিছে । থলুৱা ব্যৱসায়িক সমুলঞ্চে উৎখাত কৰি একমাত্ৰ এপল’ৰ দৰে পুজিপতি গোষ্ঠীক নাজিৰা , শিৱসাগৰ , গেলেকী আৰু লাকুৱাত সংস্থাপিত কৰি বহিৰাগত একাংশ বিষয়াৰ স্বাৰ্থ সিদ্ধিৰ বাবেই এনেদৰে হাজাৰ হাজাৰ জন অ’ এন জি চি ৰ বৰ্তমান আৰু অৱসৰী কৰ্মচাৰীৰ জীৱন বিপদাপন্ন কৰি তুলিছে। আনহে নালাগে বিশ্ব জুৰি মহাৰত্ন তেল – গেছ উদ্যোগ হিচাপে পৰিগণিত অ’ এন জি চিৰ ৰহস্যজনক এপল’ প্ৰেমৰ বাবেই ৰোগীয়ে প্ৰয়োজনীয় ঔষধ বিছাৰি আন আন স্থানলৈ ঢাপলি মেলিব লগা পৰিস্থিতি সৃষ্টি হৈছে । উল্লেখযোগ্য যে, দশক দশক জুৰি নিগমত কৰ্মৰত আৰু অৱসৰী কৰ্মচাৰী সকলৰ চিকিৎসাৰ সমুদায় ব্যয় বহন কৰি আহিছে। নিগমত কৰ্মৰত কৰ্মচাৰীৰ পিতৃ , মাতৃৰ লগতে কৰ্মচাৰী গৰাকীৰ পত্নী , অপ্ৰাপ্তবয়স্ক সন্তান – সন্ততিৰ চিকিৎসাৰ বাবে ভাৰতৰ বিভিন্ন স্থানত থকা কেইবাখনো আগশাৰীৰ নাৰ্চিংহোমৰ লগতে ডিব্ৰুগড় আৰু গুৱাহাটীৰ বহুকেইখন নাৰ্চিংহোমক নিগমৰ পেনেলৰ অন্তৰ্ভুক্ত কৰিছে । তাৰোপৰি নিয়মিত ঔষধ সেৱন কৰিব লগীয়া ৰোগী আৰু সাধাৰণ ৰোগত আক্ৰান্ত ব্যক্তি সকলৰ বাবে চিকিৎসকৰ নিদান পত্ৰ অনুসৰি নিগমৰ পেনেলৰ অন্তৰ্ভুক্ত মুঠ ১৩ খন থলুৱা ঔষধ বিক্ৰী প্ৰতিষ্ঠানৰ পৰা এই সকল ব্যক্তিয়ে বছৰ বছৰ ধৰি বিনামূলীয়াকৈ ঔষধ লৈ আহিছে। নিগমৰ কৰ্মচাৰী সকলৰ সুবিধাৰ বাবেই নাজিৰা , শিৱসাগৰ , গেলেকী আৰু লাকুৱাত সংস্থাপিত কৰা হৈছিল এই ১৩ খন থলুৱা ব্যৱসায়ীৰ ঔষধ প্ৰতিষ্ঠান । সম্প্ৰতি অসমত পোন প্ৰথম বাৰৰ বাবে এখন খিলঞ্জীয়াৰ চৰকাৰে কাৰ্যনিৰ্বাহ সেই সময়তেই অ’ এন জি চিৰ এক অসম বিৰোধী চক্ৰই আৰম্ভ কৰিছিল নিগমৰ বুকুৰ পৰা থলুৱা খিলঞ্জীয়া ব্যৱসায়ীক উৎখাতৰ অভিযান । ইতিমধ্যে থলুৱা ঔষধ ব্যৱসায়ীৰ পৰা ঔষধ যোগানৰ সকলো ব্যৱসায় বহিৰাগত পুজিপতি গোষ্ঠী এপল’ক গতাই দিয়াৰ পিছতেই হাহাকাৰ পৰিস্থিতি সৃষ্টি হৈছে । নিগমৰ অসম সম্পদৰ আৱাসিক এলেকাত স্থাপিত কৰা এপল’ প্ৰতিস্থানলৈ ৰোগী – পৰিয়ালে চিকিৎসকৰ নিদান পত্ৰলৈ ঔষধ আনিবলৈ গৈ প্ৰতিষ্ঠানটোৰ কৰ্মৰত কৰ্মচাৰীৰ সৈতে বাক –  বিতণ্ডাত লিপ্ত হোৱাৰ পৰিস্থিতি সৃষ্টি হয় । কাৰণ নিয়মিত ভাৱে ঔষধ সেৱন কৰি থকা ৰোগী সকলেও প্ৰয়োজনীয় ঔষধ নাপায় এই পুজিপতি এপল’ ফাৰ্মাচীত । চিকিৎসকৰ নিদান পত্ৰ ৰাখিথৈ চাৰি – পাচ দিনৰ পিছত ঔষধ আহি পাবহি আৰু তেতিয়া আপোনালোকক ফোন কৰি দিয়া হ’ব  ঔষধ নিবৰ বাবে । নিগমৰ বহিৰাগত একাংশ কমিছনভোগী বিষয়াৰ পৃষ্ঠপোষকতাত প্ৰতিষ্ঠা কৰা এই এপল’ ফাৰ্মাচী আৰু অ’ এন জি চিয়ে প্ৰতিষ্ঠানটোৰ কৰ্মচাৰী আৰু অৱসৰী সকলৰ লগতে পৰিয়ালৰ জীৱনকলৈ এনেদৰে হেতালি খেলা ঘটনাকলৈ বিৰূপ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে । অসমৰ ঔৰষত বাণিজ্যৰ পোহাৰ মেলা তথা লাখ লাখ অসমীয়া মানুহৰ প্ৰত্যক্ষ আৰু প্ৰৰোক্ষ্য জীৱন আৰু জীৱিকা নিহিত হৈ থকা অ’ এন জি চিৰ অবৈধ পুজিপতি এপল’ প্ৰেমে হাজাৰ হাজাৰ অসুহ্থ ৰোগীৰ জীৱনলৈ নমাই অনা ভয়ংকৰ দূৰ্যোগ আৰু ভাবুকিৰ বিৰুদ্ধে কেন্দ্ৰীয় পেট্ৰ’লিয়াম মন্ত্ৰী আৰু অসমৰ মুখ্যমন্ত্ৰী গৰাকীৰ হস্তক্ষেপৰ দাবী জনাইছে ভুক্তভোগী তথা জনগণে । 

Related Articles