পিয়াঁজক পাকঘৰৰ ঔষধ বুলি কোৱা হয়, পিয়াঁজৰ উপকাৰিতাৰ বিষয়ে জানক-
কাণ বিষালে পিয়াঁজৰ ৰস গৰম কৰি-৪টোপ দিব।
শিয়াল কুকুৰে কামোৰিলে পিয়াঁজ পিহি মৌৰে কামোৰা ঠাইত লেপ দিলে বিষ ভাল হয়।
চুলি কোচা-কুচিকৈ সৰিলে বা টকৌৱে খালে পিয়াঁজৰ ৰস ঘঁহিব লাগে।
বিচাই কামোৰিলে পিয়াঁজ কাটি চূণ সানি লগাব।
হেকোঁটিত পিয়াঁজৰ ৰস মৌৰে খাব।
শৌচ কচা হলে-ভাতৰ লগত কেচাঁ-পিয়াঁজ খাব।
এচিডিটিত পিয়াঁজৰ ৰস আৰু নেমু ৰস মিহলাই আহাৰৰ পাছত খাব।
ভোক কমিলে-পিয়াঁজৰ টুকুৰাত নেমুৰ ৰস সানি ভাতৰ লগত খাব।
হাগনি হলে-পিয়াঁজ বটি নাভিৰ ওপৰত লেপ দিব আৰু পিয়াঁজৰ ৰস খাব।
গোৰোহা ফাটিলে কেচাঁ-পিয়াঁজ পিহি লগাব।
প্ৰস্ৰাৱ বন্ধ হলে-পিয়াঁজ কাটি পানীত উতলাই সেই পানী খাব লাগে।
মূত্ৰাশয়ত পাথৰ হলে-পিয়াঁজৰ ৰসত পুৰণি গুড় মিহলাই ২০/২৫দিন খালে পাথৰ বাহিৰ হয়।
নাকেৰে তেজ ওলালে-পিয়াঁজ থেতেলিয়াই শুঙিব লাগে।
শক্তিশালী হ’বলৈ সদায়-১চামোচকৈ পিয়াঁজৰ ৰস আৰু ঘীঁউ মিহলাই খাব। ঘীঁউৰ সলনি-২চামুচ মৌ লব পাৰে।
ক’লা দাগত পিয়াঁজৰ ৰস লগালে-দাগ আঁতৰে।
মৌ আৰু বৰলে কামোৰিলে পিয়াঁজৰ ৰস সানিব লাগে।
পিয়াঁজৰ ৰস মূৰত লগালে-ওকণি দূৰ হয়।
উফি হ’লে-গা ধূৱাৰ আগত পিয়াঁজৰ ৰসেৰে মূৰত মালিচ কৰিব লাগে।।
মূৰ-ঘূৰণিত পিয়াঁজৰ ৰস নাকেৰে শুঙিব লাগে।