Breaking

ৰঙিয়া মহাবিদ্যালয়ত অনলাইন সৃজনীমূলক লেখনী প্রতিযোগিতাৰ আয়োজন

0 19

ৰঙিয়া,৩ জুলাই ঃ বিগত বৰ্ষবোৰৰ দৰে এইবেলিও ৰঙিয়া মহাবিদ্যালয়ৰ গ্ৰন্থাগাৰৰ উদ্যোগত আৰু আভ্যন্তৰীণ গুণমান নিশ্চিতকৰণ কোষ ৰঙিয়া মহাবিদ্যালয়ৰ সহযোগত অনলাইন সৃজনীমূলক লেখনী প্রতিযোগিতা গ্রন্থাগাৰিক দিৱস উপলক্ষে আয়োজন কৰা হৈছে। ছাত্র – ছাত্ৰীৰ শৈক্ষিক দিশটোৰ উৎকৰ্ষ সাধনৰ লগত সংগতি ৰাখি কবিতা, আৰু চুটিগল্পৰ আয়োজন কৰা হৈছে। কেৱল বৰ্তমান ৰঙিয়া মহাবিদ্যালয়ৰ অধ্যয়নৰত ছাত্ৰ-ছাত্ৰী সকলেহে অংশ গ্রহণ কৰিব পাৰিব। ইচ্ছুক ছাত্ৰ ছাত্ৰীসকলক মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সৈতে যোগাযোগ কৰিবলৈ অনুৰোধ জনায় ।

Leave A Reply