✍ পম্পী ৰাভা
সম্প্ৰতি বিশ্বত ক’ৰণাৰ ভয়ানক সন্ত্ৰাস চলি আছে। বিশ্বত বৰ্তমান বহুতো ৰাষ্ট্ৰত তলাবন্ধ চলি আছে। তাৰ লগে লগে আমাৰ দেশতো ক’ৰণা আক্ৰান্তৰ সংখ্যা যথেষ্ট হাৰত বৃদ্ধি পাইছে। এই মাৰাত্মক ভাইৰাছৰ পৰা সংক্ৰমিত ৰোধৰ বাবে বিশ্বৰ অন্যান্য দেশৰ দৰে আমাৰ দেশতো কিছু বাধা-বাধকতা চলি আছে। এই সময়ছোৱাত শিক্ষাব্যৱস্থা নিৰাপত্তা লৈ আহি পৰিছে। ছাত্ৰ-ছাত্ৰী সকলে যথেষ্ট ক্ষতিৰ সন্মুখীন হৈছে। দেশৰ বৰ্তমান পৰিস্থিতিৰ লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰে হওক বা ৰাজ্য চৰকাৰে হওক এক অনলাইন শিক্ষা ব্যৱস্থা কৰিছে। কিন্তু এই অনলাইন শিক্ষা ব্যৱস্থাই ছাত্ৰ-ছাত্ৰী কিমান সফল কৰিব সন্দেহ আছে! কথাটো হ’ল যে টিভি চেনেলৰ উপৰিও বিভিন্ন প্ৰতিষ্ঠান আগবাঢ়ি আহিছে। ইয়াৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলৰ নিশ্চয় উপকৃত হ’ব কিন্তু যদি আন এফালৰ পৰা চাও এই শিক্ষা মাধ্যমেৰে এচাম শিক্ষাৰ্থী নূন্যতম জ্ঞানৰ পৰিধি শূণ্য হ’ব। কিয়নো টিভি, কম্পিউটাৰ, মোবাইল নথকা শিক্ষাৰ্থীসকলে এই অনলাইন শিক্ষা ব্যৱস্থাৰ পৰা বঞ্চিত হ’ব। এই শিক্ষা ব্যৱস্থাই অধিক ক্ষতিগ্ৰস্তৰ সন্মুখীন হৈছে গাওঁ অঞ্চলৰ শিক্ষাৰ্থী আৰু মধ্যবিত্ত শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে। কাৰণ তেওঁলোকৰ স্মাৰ্টফোন অথবা টিভি থকা মানুহৰ সংখ্যা তেনেই নগণ্য। আনহাতে গাওঁ অঞ্চলসমূহত স্মাৰ্টফোন থাকিলেও নেটৱৰ্কৰ সমস্যাটোও কম নহয়। তেওঁলোকৰ শৈক্ষিক জীৱন কি হ’ব সেয়া চিন্তনীয়!