Online Trading। জামিন পালেও মুকলি আকাশৰ তললৈ আহিব নোৱাৰিব বিশাল আৰু তাৰ্কিক । এটা গোচৰত হে জামিন লাভ কৰিছে বিশালে । যাৰ বাবে মুকলি আকাশৰ তললৈ আহিব নোৱাৰিব বিশাল ফুকন ।
উল্লেখ্য যে বিশালৰ বিৰুদ্ধে ৰুজু হৈছিল তিনিটাকৈ গোচৰ। তাৰে এটা গোচৰতহে জামিন লাভ কৰিছে বিশালে। বৰ্তমানো চলি আছে আন দুটা গোচৰ।
জে’লতে থাকিব লাগিব চুমি বৰাৰ স্বামী তাৰ্কিক বৰা। তাৰ্কিক বৰাৰ বিৰুদ্ধেও ৰুজু হৈ আছে আৰু দুটা গোচৰ।
ডিব্ৰুগড় থানত ৰুজু হোৱা ৩৫২/২৪ গোচৰতহে জামিন লাভ কৰিছে বিশাল আৰু তাৰ্কিকে। গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰতে থাকিব লাগিব বিশাল আৰু তাৰ্কিক।
ডিব্ৰুগড়ৰ বৰবৰুৱা থানাত ৮৫/২৪ ডিব্ৰুগড়ৰ দুলীয়াজান থানাৰ ১৯৮/২৪ গোচৰ কেইটাত জামিন পোৱা নাই বিশাল আৰু তাৰ্কিক বৰাই।