Breaking

Online Trading Scam: চুমি বৰাই কৌশলেৰে হাই প্ৰফাইল লোকক অনলাইন ট্ৰেডিঙৰ ফাণ্ডত পেলাইছিল…

25

ৰাজ্যত এতিয়া এটা চৰ্চিত নাম চুমি বৰা। বিশেষ সূত্ৰই প্ৰকাশ কৰা মতে নৃত্যত পাকৈত অভিনেত্ৰী চুমি বৰাই বিয়াগোম আমোলা, আৰক্ষী বিষয়াকে ধৰি আন বহু হাই প্ৰফাইল লোকক অন লাইন ট্ৰেডিঙৰ ফাণ্ডত পেলাবলৈ নানান কৌশল ব্যৱহাৰ কৰিছিল। চুমি কাণ্ডই ৰাজ্যত জোকাৰণিৰ সৃষ্টি কৰাৰ সময়তে চুমি বৰাৰ এটা বিশেষ ভিডিঅ’ই ছ’চিয়েল মিডিয়াত আলোড়ণৰ সৃষ্টি কৰিছিল।

দৈনন্দিন বাৰ্তাৰ তৰফৰ পৰা অৱশ্যে সেই ভিডিঅ’ৰ সত্য-সত্যতা প্ৰমাণ কৰি চোৱা হোৱা নাই। যি কি নহওক, ছ’চিয়েল মিডিয়াত বতাহৰ গতিত ভাইৰেল হোৱা ভিডিঅ’টো অৱশ্যে পিছত কোনো পক্ষৰ হেঁচাত ডিলিট কৰা হ’ল। ভিডিঅ’টোত চুমিয়ে বহু প্ৰভাৱশালী লোকক হোটেল, ৰিজ’ৰ্ট আদিত আলিংগন কৰি চুমা খোৱা দেখা গৈছে। অৱশ্যে হাই প্ৰফাইল সমাজত তেনেদৰে আলিংগন কৰি চুমা খোৱাটো কোনো ডাঙৰ কথা নহয় বলিউডৰ লগতে বিদেশতো এনে পৰম্পৰা প্ৰচলিত আছে। কিন্তু ভিডিঅ’চটোৰ আঁত ধৰিয়েই বিশেষ সূত্ৰই কৈছে যে এনেদৰেই চুমিয়ে প্ৰভাৱশালী বিষয়া, ৰাজনীতিক আদিৰ সৈতে অধিক ঘনিষ্ঠ হৈ পৰাৰ চেষ্টা কৰিছিল আৰু সেইসকল লোকক পিছত অনলাইন ট্ৰেডিঙত ধন বিনিয়োগ কৰাৰ বাবে বিশাল ফুকনৰ লগলগাই দিছিল।

সূত্ৰটোৱে লগতে এই বুলিও প্ৰকাশ কৰিছে যে চুমি বৰাৰ কথিত ভিডিঅ’টো সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ পিছতে এতিয়া বহু প্ৰভাৱশালী শীৰ্ষ আমোলা, শীৰ্ষ আৰক্ষী বিষয়া, ৰাজনীতিকৰ সংসাৰ থানবান হোৱাৰ উপক্ৰম ঘটিছে। স্বামীয়ে ছলনাময়ী নাৰীৰ পাল্লাত পৰি অন লাইন ট্ৰেডিঙত ধন বিনিয়োগ কৰাৰ কথা জানিব পৰাৰি এতিয়া বহুতৰে প্তনীয়ে স্বামীক উভতি ধৰা বুলি সূত্ৰটোৱে প্ৰকাশ কৰে। ইপিনে বিনিয়োগ কৰা ধন পানীত পৰাৰ বাবে বহুতে মূৰে-কপালে হাত দিছে। এপিনে পত্নীৰ হুংকাৰ আৰু আন পিনে ধন পানীত পৰাৰ দুখত এতিয়া সেইসকল শীৰ্ষ আমোলা, আৰক্ষী বিষয়া, ৰাজনীতিক আৰু আন একাংশ লোকৰ অৱস্থা চাবলগীয়া হৈছে বুলি সূত্ৰটোৱে প্ৰকাশ কৰিছে।

ইয়াৰ মাজতে এগৰাকী আগশাৰীৰ সাংবাদিকে ছ’চিয়েল মিডিয়াৰ পোষ্টত ধন বিনিয়োগকাৰীসকলহে অপৰাধী, চুমি বৰা, বিশাল ফুকন আদি নহয় বুলি কৰা মন্তব্যয়ো সেইসকল বিষয়া, ৰাজনীতিকক হতাশ কৰি তুলিছে বুলি সূত্ৰটোৱে কয়। সঁচাকৈয়ে নাৰীয়েই গঢ়ে আৰু নাৰীয়েই ভাঙে বুলি কোৱা কথাষাৰ হয়তো মিছা নহয়।

Comments are closed.