Breaking

Online Trading Scam: বিশালৰ দ্য ব্লেক আম্ব্ৰেলাৰ তলত জিৰাইছিল অসমীয়া ছবি জগতৰ বহু ৰথী-মহাৰথীয়ে

49

বহু অভিনেতা অভিনেত্ৰীয়েই চুমি বৰা আৰু কোম্পানীয়ে সাধাৰণ মানুহৰ পৰা লুটি নিয়া ধনৰ ভাগ পাইছিল ছবি বা ভ্ৰাম্যমান থিয়েটাৰত চুমিয়ে কৰা বিনিয়োগৰ জড়িয়তে। সেইবাবেই অসমত ইমান ডাঙৰ এটা আৰ্থিক কেলেংকাৰী(Online Trading Scam) সংঘটিত হোৱাৰ লগতে সেই কেলেংকাৰীত চুমি বৰাৰ দৰে অভিনেত্ৰী জড়িত হৈ থকাৰ পিছতো অসমৰ ছবি উদ্যোগৰ বহুতে মুখেৰে টু শব্দ এটা কৰিব পৰা নাই, ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ কৰিব পৰা নাই বুলি চৌদিশে ওলাইছে গুজব।

গুৱাহাটী, ৫ ছেপ্টেম্বৰঃ দ্য ব্লেক আম্ব্ৰেলা এখন বিশ্ব বিখ্যাত ছবি । ইভান হাৰ্ট পৰিচালিত এই ছবিখনত এটা ক’লা ছাতিৰ যাদুকৰী শক্তিৰ কথা দেখুওৱা হৈছে। জালিয়াতি, প্ৰৱঞ্চনাৰ ঘটনাক্ৰমেৰে আগবাঢ়িছিল ছবিখনৰ কাহিনীভাগ। ‘দ্য ব্লেক আম্ব্ৰেলা’ ছবিখনৰ দৰেই এইবাৰ বাস্তৱত একেধৰণৰ ক’লা ছাতি এটাই অসমত মেলি দিছিল বিশাল ফুকন, অভিনেত্ৰী চুমি বৰাৰ লগতে আন্ধাৰতে থকা আন বহুতে। যিটো ছাতিৰ তলত আনকি আৰামেৰে জিৰাইছিল অসমৰ ছবি জগতৰ বহু ৰথী-মহাৰথীয়ে(Online Trading Scam Shakes Assamese Film Industry)।

অভিযোগ অনুসৰি অসমত সম্পূৰ্ণ নীতি বৰ্হিভূতভাবে ছবিৰ বিধি উলংঘা কৰি হাজাৰ হাজাৰ কোটি টকা সৰকাই নিয়া বিশাল-চুমি বাহিনীৰ শৰণাপন্ন হৈছিল অসমীয়া ছবি জগতৰ বহু নামী অভিনেতা- প্ৰযোজকে। বিশেষ সূত্ৰই প্ৰকাশ কৰা মতে অসমীয়া ছবি জগতৰ বহু চেলিব্ৰেটিয়ে বিশাল-চুমিৰ লগ লাগি নিজৰ ছবিত বিপুল মাত্ৰাত ধন বিনিয়োগ কৰাইছিল(Vishal Phukan and Chumi Bora Shakes Assamese Film Industry) ।

বিশেষ সূত্ৰই প্ৰকাশ কৰা মতে যতীন বৰাৰ দৰে অভিনেতায়ো তেওঁৰ কেইবাখনো ছবিৰ বাবে বিশাল ফুকন আৰু চুমি বৰাৰ দ্বাৰা ধন বিনিয়োগ কৰাইছিল(Fraudulent investments in films)। এনে অভিযোগ উত্থাপন হোৱাৰ পিছতে এতিয়া ছবি উদ্যোগৰ মাজত হাহাকাৰ লাগিছে। অৱশ্যে অভিনেতা যতীন বৰাই এই প্ৰসংগত এতিয়ালৈকে মুখ খোলা নাই। সেয়ে তেওঁৰ স্পষ্টীকৰণেহে বিষয়টো মানুহৰ সন্মুখত খোলোচা কৰিব বুলি সূত্ৰটোৱে প্ৰকাশ কৰে।

চুমি বৰাৰ ৰাজস্থানৰ ৰিজ’ৰ্টত হোৱা বিয়ালৈ ভাড়া কৰি নিয়া বিমানত অসমীয়া ছবি জগতৰ বহু অভিনেতা-অভিনেত্ৰীয়েই গৈছিল। এটা সাধাৰণ পৰিয়ালৰ পৰা আহি অতি কম দিনৰ ভিতৰতে বিমান ভাড়া কৰি বিয়ালৈ মানুহ নিব পৰা চুমি বৰাৰ আয়ৰ উৎসৰ বিষয়ে অৱশ্যে সেই সময়ত কোনো অভিনেতা-অভিনেত্ৰীয়েই সন্দেহ প্ৰকাশ কৰা নাছিল। ইয়াৰ আঁৰৰ কাৰণ বাখ্যা কৰি সূত্ৰটোৱে কয় যে বিনিয়োগকাৰীৰ ধনেৰে চন্দুক ভৰি পৰা চুমি বৰাক প্রশ্ন কৰাৰ সাহস কোনো অভিনেতা-অভিনেত্ৰীৰেই নাছিল।

সূত্ৰটোৰ মতে তেনে বহু অভিনেতা অভিনেত্ৰীয়েই চুমি বৰা আৰু কোম্পানীয়ে সাধাৰণ মানুহৰ পৰা লুটি নিয়া ধনৰ ভাগ পাইছিল ছবি বা ভ্ৰাম্যমান থিয়েটাৰত চুমিয়ে কৰা বিনিয়োগৰ জড়িয়তে। সেইবাবেই অসমত ইমান ডাঙৰ এটা আৰ্থিক কেলেংকাৰী সংঘটিত হোৱাৰ লগতে সেই কেলেংকাৰীত চুমি বৰাৰ দৰে অভিনেত্ৰী জড়িত হৈ থকাৰ পিছতো অসমৰ ছবি উদ্যোগৰ বহুতে মুখেৰে টু শব্দ এটা কৰিব পৰা নাই, ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ কৰিব পৰা নাই বুলি এতিয়া মানিহৰ মাজত গুঞ্জন উঠিছে। এই বুলিও চৰ্চা চলিছে যে অসমৰ এখন ভ্ৰাম্যমাণ থিয়েটাৰ প্ৰযোজিকা তথা জনপ্ৰিয় অভিনেত্ৰীয়েও তেওঁৰ থিয়েটাৰত ছুমি বৰাৰ ধন খটুৱাইছে। কেৱল সেয়াই নহয় সেই জনপ্ৰিয় অভিনেত্ৰীগৰাকীয়ে বিশাল ফুকনৰ ট্ৰেডিং কোম্পানীত চুমিৰ জড়িয়তে নিজেও ধন বিনিয়োগ কৰা বুলি বিভিন্নজনে এতিয়া বু-বু বা-বা আৰম্ভ কৰিছে।

অভিযোগ অনুসৰি, অভিনয় জগতত থকা চা-চিনাকীৰ সুবাদতে চুমি বৰাই সংগীত তথা অভিনয় জগতৰ বহু লোকক অনলাই ট্ৰেডিঙত বিনিয়োগ কৰিবলৈ সৈমান কৰিছিল(Assamese film industry) । অনলাইন ট্ৰেডিঙৰ নামত মানুহক প্ৰতাৰণা কৰি ধনী হোৱাৰ সপোন দেখা চুমি আৰু বিশালে গুৱাহাটীৰ বহু ধনী লোকসকলক ধন বিনিয়োগ কৰিবলৈ বাধ্য কৰাইছিল। সূত্ৰটোৱে প্ৰকাশ কৰা মতে এইক্ষেত্ৰত চুমিক সহায় কৰিছিল স্বামী তথা ফটোগ্ৰাফাৰ তাৰ্কিক ফুকনে।

শেহতীয়াকৈ চুমি বৰাৰ কেলেংকাৰীৰ সৈতে নাম সাঙোৰ খাইছে আদিত্যম কাশ্যপ শইকীয়া নামৰ ডিজাইনাৰ জনৰো নাম। । আদিত্যমে কম দিনৰ ভিতৰতে ধনী হৈ পৰিছিল আৰু চিনেমা প্ৰযোজনা, মিউজিক ভিডিঅ’ আদি প্ৰযোজনা কৰিবলৈ আৰম্ভ কৰিছিল। কিন্তু আদিত্যমে ইমানবোৰ টকা ক’ৰ পৰা পালে বুলিও বহুতে এতিয়া প্ৰশ্ন কৰিছে।

চুমি বৰা আৰু তেওঁৰ স্বামী তাৰ্কিক বৰাক পলাই যোৱাৰ পূৰ্বে শেষ আশ্ৰয় দিয়া সংগীত শিল্পী দীক্ষু শৰ্মায়ো বিশাল ফুকনৰ ট্ৰেডিঙত ৩০ লাখ টকা বিনিয়োগ কৰিছিল বুলি এতিয়া বিভিন্ন মহলত আলোচনা হোৱা দেখা গৈছে। অৱশ্য দীক্ষুৱে অনলাইন ট্ৰেডিঙৰ সৈতে তেওঁ কোনোধৰণে জড়িত নহয় বুলি স্পষ্ট কৰি দিছে। নিজৰ ঘৰত চুমি আৰু তাৰ্কিক বৰাক আশ্ৰয় দি আৰক্ষীক খবৰ নিদিয়াৰ কথাটোকলৈ বহুতেই এতিয়া দীক্ষুৰ প্ৰতিও সন্দেহৰ আঙুলি টোৱাইছে। ।প্ৰযোজক আদিত্যম কাশ্যপ শইকীয়া, তাৰ্কিক বৰা আৰু দীক্ষুৰ পত্নী মেকআপ আৰ্টিষ্ট বিজিয়েতাই একেলগে কাম কৰি আহিছে। সেয়ে পেছাগতভাবে তাৰ্কিক আৰু চুমিক দীক্ষু আৰু তেওঁৰ পত্নীয়ে চিনি পায় বুলি শৰ্মা দম্পতীয়ে সংবাদমাধ্যমক জনাইছে।

ইপিনে চুমি বৰাক স্বামীৰ সৈতে আশ্ৰয় দি পলোৱাত সহায় কৰা বুলি অভিযোগ উত্থাপন হোৱাৰ পিছতে বুধবাৰে গুৱাহাটী আৰক্ষীৰ এটা দলে কণ্ঠশিল্পী দীক্ষু শৰ্মাৰ বাসগৃহত উপস্থিত হয়। ইয়াৰ পিছতে সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত দীক্ষু শৰ্মাই কয়, ‘আৰক্ষীয়ে আহি মোক ঘটনাটো সন্দৰ্ভত জেৰা কৰিছে। মই পূৰ্বে সংবাদ মাধ্যমৰ আগত যি সবিশেষ উল্লেখ কৰিছিলো, সেইখিনিকে তেওঁলোককো জনাইছো । প্ৰয়োজন সাপেক্ষে আৰক্ষীৰ তদন্তত সহযোগিতা আগবঢ়াবলৈ মই প্ৰতিশ্ৰুতিবদ্ধ।’’

চুমি বৰাক পলায়ন কৰাত সহায় কৰাত গায়িকা গীতালী দেৱীও জড়িত বুলি উৰাবাতৰি প্ৰচাৰ হোৱাৰ লগে লগে ঘটনাটোৱে আন এক পাক লৈছে। খবৰ অনুসৰি গীতালী দেৱীক দীক্ষু শৰ্মাৰ সৈতে একেটা অট্টালিকাতে বাস কৰা সংগীত শিল্পী বাবনৰ বাসগৃহত দেখা গৈছিল । এনে উৰাবাতৰিত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি দীক্ষু শৰ্মাই এই দাবী খণ্ডন কৰি কয় যে, ‘কালি গায়িকা গীতালি দেৱীয়ে সংগীতজ্ঞ বাবনৰ ঘৰলৈ গৈছিল। বাবন আৰু মই একেটা এপাৰ্টমেণ্টতে থাকোঁ। গীতালিয়ে চুমি বৰাক পলায়ন কৰাত সহায় কৰিছিল বুলি উত্থাপন কৰা অভিযোগ মিছা। গীতালীয়ে গাড়ীও চলাব নোৱাৰে। এনে ভুৱা তথ্য ক্ষতিকাৰক আৰু আঘাতজনক।’

ইফালে উৰাবাতৰিৰ প্ৰতি সঁহাৰি জনাই গীতালী দেৱীয়ে নিজৰ ফেচবুক পেজত নিজৰ স্থিতি স্পষ্ট কৰি কৈছে : ‘মই কাৰোবাক পলায়ন কৰাত সহায় কৰা বুলি ভুৱা বাতৰি প্ৰকাশ পাইছে, যিটো সঁচা নহয়। মই গাড়ী নচলাও ৷ বন্ধু এজনক লগ কৰিবলৈ বিল্ডিংটোলৈ গৈছিলো, মোৰ লগত মোৰ স্বামীও আছিল। চুমি বৰা বা তেওঁৰ স্বামীৰ লগত মোৰ কোনো সম্পৰ্ক নাই, আৰু তেওঁলোকৰ নিৰুদ্দেশৰ বিষয়েও মই অজ্ঞাত।’

কিন্তু এইখিনিতে বহুতৰে মনত প্রস্ন জাগিছে- চুমি বৰা পলাতক হৈ থকাৰ কথা সমগ্ৰ অসমে জানে, দীক্ষুৰ পত্নী অথবা গায়িকা গীতালী দেৱীয়ে নজনাটোহে আচৰিত কথা নহয় জানো ? নে তেওঁলোক এইকেইদিন কোনো মঙল গ্ৰহত আছি বুলিও বহুতে প্ৰশ্ন কৰি দৈখা গৈছে। যি কি নহওক চুমি-বিশালৰ পাপৰ ধনৰ ভাগ যে ছবি জগতৰ বহুতৰে হাতলৈ গৈছিল সেয়া নিশ্চিত বুলিও বহুতে মন্তব্য কৰিছে। আৰক্ষীয়ে সঠিক দিশেৰে তদন্ত আগুৱাই নিলেই সকলো কথা দিনৰ পোহৰৰ দৰে স্পষ্ট হৈ পৰিব বুলিও বহুতে মন্তব্য কৰিছে ।

লগতে পঢ়ক: Online Trading Scam: বিনিয়োগকাৰীৰ পৰা কোটি কোটি টকা সৰকাই বতাহত মিলি গ’ল স্বল্পখ্যাত অভিনেত্ৰী চুমী বৰা

Comments are closed.