Breaking

Online Trading Scam: আত্মসমৰ্পন কৰিব নেকি চুমি বৰাই? গ্ৰেপ্তাৰৰ পিছতো সাৰি যাব নেকি অনলাইন ট্ৰেডিং চক্ৰৰ মূল অপৰাধী…

39

দৈনন্দিন বাৰ্তাৰ সেৱাঃ ৰাজ্যত বৰ্তমান বহুল ভাবে চৰ্চা হৈ থকা বিষয়টোৱেই হৈছে চুমি এণ্ড বিশা কোম্পানীয়ে হাজাৰ হাজাৰ গ্ৰাহকক প্ৰতাৰণা কৰি প্ৰায় ৪০০০ কোটি টকা সৰকাই নিয়াৰ। ডিব্ৰুগড়ৰ পৰা বিশাল ফুকনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে যদিও ঘটনাৰ মূল খলনায়িকা চুমি বৰা এতিয়াও পলাতক অৱস্থাতে আছে। আৰক্ষীয়ে এতিয়াও তেওঁৰ কোনো সন্ধান পাবলৈ সক্ষম হোৱা নাই। (Online Trading Scam)

এক বিশেষ সূত্ৰই প্ৰকাশ কৰা মতে বিভিন্ন ধৰণে হেঁচাৰ সন্মুখীন হোৱা চুমি বৰা যিকোনো মুহূততে আৰক্ষীৰ ওচৰত আত্মসমৰ্পন কৰিব পাৰে। সেই সম্ভাৱনা এতিয়া ধিক উজ্জ্বল হৈ পৰিছে। সূত্ৰটোৱে লগতে এই বুলিও প্ৰকাশ কৰিছে যে চুমি বৰাই ইতিমধ্যে আগতীয়া জামিনৰ বাবেও আবেদন কৰাৰ চেষ্টা কৰি আছে। এইখিনিতে বহুতৰে মনত প্ৰশ্ন জাগিছে অন লাইন ট্ৰেডিঙৰ জড়িয়তে বহু বিনিয়োগকাৰীক প্ৰতাৰণা কৰাসকল অৱশেষত সাৰি যাব নেকি? প্ৰথমে গ্ৰেপ্তাৰ আৰু তাৰ পিছত তিনিমাহ মান কাৰাগাৰত থকা সেইসকল অপৰাধীয়ে জামিনত মুক্ত হৈ পুনৰ মুকলি কাশৰ তললৈ ওলাই আহিব নেকি? অন লাইন ট্ৰেডিঙৰে জড়িতসকলক শাস্তি বিহিব পৰাকৈ ভাৰতীয় আইন ব্যৱস্থাত বিশেষ কোনো বিধান আছেনে?

ৰাইজৰ মনত উদ্ৰেক ঘটা এনেবোৰ প্ৰশ্নৰ ন্যায়িক ভিত্তি বিচাৰি দৈনন্দিন বাৰ্তাৰ তৰফৰ পৰা যোগাযোগ কৰা হৈছিল গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা বনশ্ৰী গগৈক। অধিবক্তা বনশ্ৰী গগৈয়ে শেহতীয়া সমগ্ৰ ঘটনাক্ৰম সন্দৰ্ভত দৈনন্দিন বাৰ্তাৰ প্ৰতিনিধিৰ আগত এনেদৰে মন্তব্য কৰে- আচলতে গোচৰ বোৰ বেলেগ বেলেগ ধৰণৰ হয়। ডিব্ৰুগড়ৰ পৰা পলায়ন কৰা ৰনজিত কাকতিয়ে এফ এক্স ট্ৰেডিং চলাই আচিল। এইটো এটা চেন বিজনেজ হয়। এই বিজনেজ তেওঁলোকে সমগ্ৰ অসমতে বিয়পাই দিছিল। তেওঁলোকে জিলা মুৰব্বীসকলক আনকি এখনকৈ অডি গাড়ীও দিছিল। ছেবিয়ে এখন লাইচেন্স দিয়ে এনে বিজনেজ চলাবলৈ। কিন্তু তেওঁলোকৰ কোনো লাইচেন্স নাছিল। যেনি চুমি বৰা, বিশাল ফুকন, তেওঁলোকে যি ট্ৰেডিং কৰিছিল সেয়া ফৰেক্স হয়। তেওঁলোকে কয় যদি ধন ডাবল কৰিব দিব, ২০ টকাটো ১০০ টকা হ’ব। এয়া প্ৰতাৰণাৰ নামান্তৰ মাথো।

স্বপ্ন নীল দাসে অক্সন ট্ৰেডিং চলাইছিল। অক্সন ট্ৰেডিঙত বেংকিং লাইচেন্স থাকিব লাগিব, লোকৰ ধন সৰবৰাহ কৰিবলৈ। এইটো তেওঁলোকে গণ্ডগোল কৰিছে। এতিয়া ইনফৰ্মেছন টেকন’লজি আইন, বিএনএছত প্ৰতাৰণাৰ বিশেষ ধাৰা আছে, এতিয়া ক’ব নোৱাৰি কোন আইনৰ কি ধাৰাত গোচৰ ৰুজু হ’ব। গোচৰৰ ধৰণ অনুসৰি ধাৰাও বেলেগ বেলেগ হ’ব। মই এতিয়াও জনা নাই কি ধাৰা আৰোপ কৰিছে। মই জনা মতে এনফোৰ্চমেণ্ট ডিৰেক্টৰেও বেলেগকৈ গোচৰ ৰুজু কৰিছে। এনফোৰ্চমেণ্ট ডিৰেক্টৰে কি ধাৰাত গোচৰ ৰুজু কৰিছে সেয়া এতিালৈকে গম পোৱা নাই। অধিবক্তা গগৈয়ে কয় যে কোনো অপৰাধীয়ে সাৰি যাব নোৱাৰিব। জামিনৰ অৰ্থ সাৰি যোৱা নহয় বুলিও আন বহু অধিবক্তাই মত প্ৰকাশ কৰিছে।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব ৰ্শমায়ো আজি ডিব্ৰুগড়ত দৃঢ়তাৰে কৈছে যে অন লাইন ট্ৰেডিঙৰ কোনো অপৰাধীক সাৰি যাবলৈ দিয়া নহ’ব। ৰাজ্য তথা দেশৰ কেতবোৰ একেধৰণৰ প্ৰতাৰণাৰ ঘটনালৈ লক্ষ্য কৰিব বহুতেই এতিয়া অপৰাধী দুজিনমান জেলত থাকি পুনৰ মুকলি আকাশৰ তললৈ আহিব পাৰিব ৰু তেনেদৰেই কথাবোৰ তল পৰিব বুলি ভবাটো নিশ্চয়কৈ স্বাভাৱিক কথা। কাৰণ ইয়াৰ পূৰ্বেও অসম তথা দেশত চাহাৰা কেলেংকাৰী, অভাৰলেণ্ড কেলেংকাৰী আদিৰ অপৰাধীয়ে বিশষ কনো শাস্তি নোপোৱাকৈ মুকলিতে ঘূৰি ফুৰা মানুহে দেখিছে। চুমি বৰা, বিশাল ফুকনৰ ক্ষেত্ৰতো একেই হ’ব নেকি বুলি বহুতে এতিয়া সেয়ে সন্দেহ কৰি

লগতে পঢ়কঃ Prastuti Parasar: চুমি বৰা মোৰ কৰ্মসূত্ৰে চিনাকী, চুমি বৰাৰ লগত মোৰ কোনো ব্যক্তিগত সম্পৰ্ক নাইঃ প্ৰস্তুতি পৰাশৰ

published by: Munmi gogoi

Comments are closed.