Breaking

Online Trading Scam:  অসমীয়া চিনেমা জগতৰ চুমি বিশালৰ ওচৰত বহুলোকৰ ধন বিনিয়োগৰ তথ্য লাভ আৰক্ষীৰ হাতত…

32

বিশাল ফুকন সন্দৰ্ভত ন ন তথ্য উদ্ধাৰ কৰিছে তদন্তকাৰী ডিব্ৰুগড় আৰক্ষীয়ে। অসমীয়া চিনেমা জগতৰ বহুলোকেও ধন কৰিছিল বিনিয়োগ বিশালৰ ওচৰত। বায়েকৰ বিয়াৰ উপহাৰ হিচাপে কৰিছিল খৰচ। থাইলেণ্ডৰ ৰাজধানী বেংককত একাউণ্ট খুলিছিল বিশালে। ডিব্ৰুগড়ৰ ৩টা বেংকত কেইমাহমানতে ৬০কোটিৰ লেনদেন।

বিশালৰ এক্সিছত আছে ১টা, HDFC ৪টা, SBIত ১টা একাউণ্ট।পাৰ্ছেলিয়া নামৰ কোম্পানীৰ জৰিয়তে ক’লা ধন বগা কৰাৰ চেষ্টা।পাৰ্চেলিয়াৰ পৰা তৃতীয় এটা কোম্পানীলৈ কৰিছিল ধন হস্তান্তৰ।ধন হস্তান্তৰ কৰি শিৱসাগৰত কিনিছিল দুখন বাগান। চুমিলৈ থানাত হাজিৰৰ চমন জাৰি মহানগৰ আৰক্ষীক প্ৰদান।

বিনিয়োগকাৰীক আকৰ্ষণৰ বাবে চুমিৰ জৰিয়তে পাৰ্চেলিয়াক ব্যৱহাৰ কৰিছিল।চুমিয়ে গুৱাহাটীৰ, তাজ ভিভাণ্টা, ৰেডিচন ব্লু, ন’ভটেলত আয়োজন কৰিছিল পাৰ্টী। পাৰ্টীলৈ আমন্ত্ৰণ জনাইছিল একাংশ গায়ক-গায়িকা, অভিনেত্ৰীক, দিছিল বিলাসী উপহাৰ । চুমি বৰাই দিয়া বিনিয়োগকাৰীৰ বাবদ বিশালে দিছিল ১৫% কমিচন।কেৰালা, ওড়িশা, ছত্তিশগড়ৰ বিনিয়োগকাৰীকো কোটি কোটিৰ প্ৰবঞ্চনা।

Comments are closed.