আপুনি পৃথিৱীৰ য’তেই নাথাকক কিয়, পুৱাৰ সতেজতা আনি দিব পাৰে কেৱল অসমৰ চাহকাপেঃ মুখ্যমন্ত্ৰী…

আপুনি পৃথিৱীৰ য’তেই নাথাকক কিয়, পুৱাৰ সতেজতা আনি দিব পাৰে কেৱল অসমৰ চাহকাপে!

আজি আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস। আন্তঃৰাষ্ট্ৰীয় চাহ দিৱসত সামাজিক মাধ্যমত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চাহ বাগানত উপস্থিত থকা এখন ফটো শ্বেয়াৰ কৰি চাহ বাগিচাৰ শ্ৰমিক ভাই-ভনীসকলক শুভকামনা জ্ঞাপন কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷

লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে ক’লে চাহ বাগিচাৰ ভাই-ভনীসকলৰ কঠোৰ পৰিশ্ৰমক মান্যতা প্ৰদান কৰিবলৈ আমি প্ৰতিশ্ৰুতিবদ্ধ।

Related Articles