Breaking

বৃহত্তৰ চতিয়াৰ বালিজান পাতৰবস্তি খেলপথাৰত মুকলি ঝুমইৰ প্ৰতিযোগিতা

0 2,065

বিশ্বনাথ জিলাৰ চতিয়াস্থিত বালিজান পাতৰবস্তি খেলপথাৰত যোৱা ৰবিবাৰে ‘হনুপাম-বালিজান ২নং টঙীয়াবাসী যুৱক-যুৱতীৰ উদ্যোগত ৫ম বাৰ্ষিক মুকলি ঝুমুইৰ প্ৰতিযোগিতা অনুষ্ঠিত হয়। পুৱাৰ ভাগত জাতীয় ধ্বজা উত্তোলন কৰে সদৌ অসম পাতৰ সমাজ,পাতৰ সমাজৰ বিশ্বনাথ জিলা সমিতিৰ সম্পাদক কৃষ্ণ পাতৰে আৰু শ্ৰদ্ধাঞ্জলি বেদীত মাল্য তৰ্পন কৰে সদৌ অসম পাতৰ সমাজৰ কেন্দ্ৰীয় সমিতিৰ উপদেষ্টা ডিম্বেশ্বৰ পাতৰে আৰু লক্ষিনাৰায়ণ পাতৰে। ঝুমইৰ অনুষ্ঠানৰ লগত সংগতি ৰাখি মুকলি সভাৰ অনুষ্ঠিত হয়। ঝুমইৰ আখড়া মুকলি কৰে  মহিলা জিলা সমিতি,পাতৰ সমাজ মকৰমণি পাতৰ আৰু সভাপতিত্ব কৰে কেন্দ্ৰীয় সমিতি,পাতৰ সমাজ ৰূপলাল পাতৰ । চাহ জনগোষ্ঠীৰ লোক সংস্কৃতি ঝুমুইৰ অনুষ্ঠানটিৰ মুখ্য বক্তা প্ৰধান শিক্ষক হনুপাম প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক বকুল চন্দ্ৰ সুতে কৰম পৰৱ আৰু ঝুমুইৰ শীৰ্ষক বিষয়ৰ ওপৰত এক বৃস্তিত বাখ্যা আগবঢ়াই। ইয়াৰ উপৰিও অসমীয়া সংস্কৃতিত ঝুমুইৰ প্ৰাসংগিকতা সম্পৰ্কে বক্তব্য ৰাখি পূৱ নাগশংকৰ মণ্ডল সমল ব্যক্তি জিতেন পাতৰে কয় যে অসমীয়া সংস্কৃতিত ঝুমইৰৰ প্ৰাসংগিকতা সম্পৰ্কে বক্তব্য ৰাখে। এই প্ৰসংগত কয় যে, যিহেতু অসমৰ হাৱা পানী সেৱন কৰি যুগ যুগ ধৰি বসবাস কৰি অহা হৈছে,তেনে পৰিপ্ৰেক্ষিতত বৃহত্তৰ অসমীয়া জাতি গঠনত আমাৰ অৱদান যথেষ্ট বুলি কোৱাৰ লগতে অসম খনেও আমাৰ ঝুমুইৰ সংস্কৃতিক অসমীয়া সংস্কৃতি হিচাপে আকোঁৱালি লোৱা বাবে ভাৰতৰত্ন ভূপেন হাজৰিকাৰ ‘চামেলি মেম চাহাব’ বোলছবিত ঝুমইৰ গীতৰ প্ৰসংগ, ২০২০ বৰ্ষৰ গণতন্ত্ৰ দিৱসত দিল্লী দৰবাৰত ঝুমুইৰক অসমৰ হৈ প্ৰদৰ্শন কৰা, অসমৰ বৰ্তমানৰ জনপ্ৰিয় গায়ক জুবিন গাৰ্গ, অংগৰাগ পাপন মহন্ত প্ৰমূখ্যে অন্যান্য শিল্পী সকলে ঝুমুইৰ গীত-নৃত্যক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ স্বীকৃতি দিছে।

আনহাতে দ্বিভাষিক অসমীয়া শিল্পীসকলেও আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত  ঝুমুইৰ প্ৰদৰ্শন কৰি সন্মান দিছে। অসম চৰকাৰেও “কৰম পৰৱ” দিনা চৰকাৰী বন্ধৰ দিন ঘোষণা কৰাটো এই সংস্কৃতিটোক সন্মান প্ৰদান কৰিছে বুলি উল্লেখ কৰে। এক গাম্ভীৰ্য পূৰ্ণ অনুষ্ঠানটিত মুখ্য অতিথি হিচাপে বিশিষ্ট চাহ খেতিয়ক তথা বিশ্বনাথ জিলা পাতৰ সমাজ সভাপতি হৰুৰাম দেৱৰাম পাতৰ বিশিষ্ট অতিথি নাগশংকৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষ‌য় শিক্ষক ওমপ্ৰকাশ মহাতী, প্ৰাক্তন আটছা নেতা গনেশ তচা, বিশিষ্ট ক্ষুদ্ৰ চাহ খেতিয়ক  তথা বালিজান প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক হৰেণ পাতৰসহ অঞ্চলটিৰ বহু কেইগৰাকী জেষ্ঠ গন্য মান্য ব্যক্তি উপস্থিত থাকে । মুকলি ঝুমুইৰ প্ৰতিযোগিতাৰ বিচাৰক সাংস্কৃতিক কৰ্মী নৰেন পানতাঁতি,নাৰায়ণ দাস,শিক্ষক প্ৰাণনাথ পাতৰ আৰু সমাজ কৰ্মী লক্ষিনাৰায়ণ পাতৰৰ বিচাৰকৰ দ্বাৰা বিচাৰ কৰা ৯ টা কৈ ঝুমুইৰ দলে অংশ গ্ৰহণ কৰা প্ৰতিযোগিতাখনত প্ৰথম বিজয় দলৰ স্থান দখল কৰে তেজালপট্টি চাহ বাগিচা ঝুমইৰ দল,২য় শ্ৰেষ্ঠ দল বৰপাম পাতৰবস্তি ঝুমুইৰ দল ৩য় শ্ৰেষ্ঠ দল বৰপাম ঝুমইৰ দল আৰু ধূলি চাহ বাগিছা ঝুমুইৰ দল। ইয়াৰ উপৰিও শ্ৰেষ্ঠ ঢুলীয়া বৰপাম পাতৰ বস্তিৰ কিৰণ পাতৰ ,বৰপামৰ অঞ্জনা ভূমিজ শ্ৰেষ্ঠ নাচনী আৰু তেজালপট্টী চাহ বাগিচাৰ শ্ৰেষ্ঠ ৰচিকৰ বঁ‌টা গ্ৰহণ কৰে বিচেম্বৰ কৰ্মকাৰে।

Leave A Reply

Your email address will not be published.