Breaking

ৰঙিয়াৰ তৰণীত ৰাষ্ট্ৰীয় সেৱা যোজনাৰ অধীনত বিশেষ কাৰ্যসূচীৰ শুভাৰম্ভ..

0 28

ৰঙিয়া,৪ জুলাই ঃ ৰাষ্ট্ৰীয় সেৱা যোজনাৰ অধীনত আজিৰে পৰা ৰঙিয়াৰ তৰণীত বিশেষ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়।স্থানীয় তুলসীবাৰী বহুমুখী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এন এছ এছ গোটৰ উদ্যোগত তথা তৰণী হৰিমন্দিৰ প্ৰাংগণত তদুপলক্ষে ৰূপায়ণ কৰা হয় বিস্তৃত কাৰ্যসূচী ।গোটৰ প্ৰকল্প বিষয়া জগদীশ ঠাকুৰীয়া আৰু সহকাৰী প্ৰকল্প বিষয়া নিপন শৰ্মাৰ তত্বাৱধানত বিদ্যালয় খনৰ ছাত্র-ছাত্ৰী সকলৰ দ্বাৰা সপ্তাহযোৰাকৈ ৰূপায়িত হব লগা কাৰ্যসূচীৰ পুৱাৰ ভাগত যোগা কাৰ্যসূচী,স্বচ্ছ অভিযানেৰে শুভাৰম্ভ কৰা হয়।ইয়াৰ পিছতে অনুষ্ঠিত কৰা হয় মুকলি সভা ।তুলসীবাৰী বহুমুখী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষা গীতা ডেকাই উদ্বোধন কৰা সভাখনত আৰিমত্ত বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ কামিনী ভূঞা,বৈদ্যগড় হাইস্কুল পৰিচালনা সমিতিৰ সভাপতি শুক্লেশ্বৰ কলিতাৰ লগতে তৰণী আৰিমত্ত ভবনৰ সভাপতি ননীধৰ কলিতাই আমন্ত্ৰিত অতিথিৰূপে অংশগ্ৰহণ কৰে।

Leave A Reply