অসমীয়া গঞা সমাজত আঘোণৰ আছে এক সুকীয়া মাহাত্ব্য। আঘোণৰ পথাৰৰ পৰা এইয়া সোণগুটি চপোৱাৰ সময়। কিন্তু কলিয়াবৰৰ আঘোণৰ পথাৰত দেখিবলৈ পোৱা গৈছে এক বিপৰীত ছবি। আঘোণৰ পথাৰত ধানৰ ৰূপ দেখি মূৰে-কপালে দিছে চহা কৃষক ৰাইজে। কলিয়াবৰৰ বালিবাটৰ ঔদ্যোগিক অঞ্চলটোত থকা শিল ভঙা উদ্যোগ (ক্ৰেচাৰ)¸ চাউলৰ, প্লাষ্টিক, ইলেক্ট্ৰিকেল প’ল আদি উদ্যোগৰ পৰা নিৰ্গত হোৱা ধূলি-ধোঁৱা, পানী, অনান্য আৱৰ্জনাই সৃষ্টি কৰা প্ৰদূষণে কাষৰীয়া ধাননিৰ বিঘাই-বিঘাই নষ্ট কৰিছে ধান। কলিয়াবৰৰ বালিবাটৰ কৃষকৰ ৫০ বিঘাতকৈও অধিক কৃষিভূমিৰ ধান এতিয়া উদ্যোগসমূহৰ পৰা ওলোৱা দূষিত আৱৰ্জনা আৰু ধূলি-বালিৰে পুতি পেলাইছে। যাৰ ফলত বিঘাই-বিঘাই ধান নষ্ট হৈছে। তদুপৰি¸ বালিবাটৰ ৰাস্তাৰে যোৱা শতাধিক ডাম্পাৰে সমগ্ৰ অঞ্চলটোত সৃষ্টি কৰিছে ধূলিময় পৰিৱেশ। ধাননি পথাৰ নষ্ট হোৱা ইও যেন এক অন্য কাৰণ হৈ পৰিছে। ৰাজ্যৰ প্ৰদূষণ নিয়ন্ত্ৰণ বিভাগ এটা থকাৰ পাছতো প্ৰদূষণ নিয়ন্ত্ৰণৰ ব্যৱস্থা নোলোৱাকৈয়ে দীৰ্ঘদিন উৎপাদন কাৰ্য্য চলাই থকা উদ্যোগকেইটাৰ বিৰুদ্ধে স্থানীয় ৰাইজৰ অভিযোগৰ প্ৰতি কাণষাৰ নাই কোনো পক্ষৰ। আনহাতে, কৃষক ৰাইজৰ ক্ষতি হোৱা বহু উদ্যোগে স্থানীয় বৰভগীয়া পঞ্চায়তৰ পৰা লাভ কৰা ‘আপত্তি বিহীন প্ৰমাণ পত্ৰ’ৰ ক্ষেত্ৰতো কি ভিত্তিত এনে প্ৰমাণ পত্ৰ দিয়া হয়, সেই লৈও প্ৰশ্ন উত্থাপিত হৈছে। অৱশেষত¸ আঘোণৰ সোণগুটি চপাব নোৱাৰি মূৰে-কঁপালে হাত দিছে কৃষক ৰাইজে। ক্ষোভত ভাঙি পৰিছে চহা কৃষক। ধাননি পথাৰ জ্বলাই দিয়াৰ সিদ্ধান্ত লৈছে দুৰ্ভগীয়া কৃষক ৰাইজে।