Breaking

Smart meters: স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে বিৰোধী ঐক্য মঞ্চৰ বিক্ষোভ

61

(Smart meters)বিভিন্ন দল-সংগঠনে শেহতীয়াকৈ ৰাজ্যৰ প্ৰায় প্ৰতিটো প্ৰান্ততে স্মাৰ্ট মিটাৰ সংযোগৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে ।বিৰোধী ঐক্য মঞ্চই গুৱাহাটীৰ পল্টনবজাৰস্থিত বিজুলী ভৱনত বৃহৎ আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰে । কংগ্ৰেছৰ নেতৃত্বত ঐক্য মঞ্চৰ অধীনৰ বিৰোধী দলসমূহে বিজুলী ভৱন ঘেৰাও কৰে । অসম চৰকাৰ তথা বিদ্যুৎ বিভাগৰ বিৰুদ্ধে শ শ নেতা-কৰ্মীয়ে এই প্ৰতিবাদত অংশগ্ৰহণ কৰে

গুৱাহাটী,২০ ছেপ্টেম্বৰ :(Smart meters)বিভিন্ন দল-সংগঠনে শেহতীয়াকৈ ৰাজ্যৰ প্ৰায় প্ৰতিটো প্ৰান্ততে স্মাৰ্ট মিটাৰ সংযোগৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে ।বিৰোধী ঐক্য মঞ্চই গুৱাহাটীৰ পল্টনবজাৰস্থিত বিজুলী ভৱনত বৃহৎ আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰে । কংগ্ৰেছৰ নেতৃত্বত ঐক্য মঞ্চৰ অধীনৰ বিৰোধী দলসমূহে বিজুলী ভৱন ঘেৰাও কৰে । অসম চৰকাৰ তথা বিদ্যুৎ বিভাগৰ বিৰুদ্ধে শ শ নেতা-কৰ্মীয়ে এই প্ৰতিবাদত অংশগ্ৰহণ কৰে । প্ৰতিবাদৰ জৰিয়তে দলসমূহে ৰাজ্যত স্মাৰ্ট মিটাৰৰ ঘৰুৱা সংযোগ বাতিল কৰিবলৈ চৰকাৰক দাবী জনায় । প্ৰতিবাদত অংশ লৈ চৰকাৰৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই । তেওঁ কয়, “সাধাৰণ মানুহৰ ঘৰত লুণ্ঠনৰ স্বাৰ্থত, কমিছনৰ স্বাৰ্থত স্মাৰ্ট মিটাৰ বহুৱাইছে । এই সিদ্ধান্ত শীঘ্ৰে বাতিল নকৰিলে ৰাজ্যৰ ২৬ লাখ লোক ৰাজপথলৈ ওলাই আহিব । অসমৰ বিদ্যুৎ বিভাগে বাণিজ্যিক, ঔদ্যোগিক আৰু অফিচিয়েল ক্ষেত্ৰৰ পৰা ৮০ শতাংশ কৰ সংগ্ৰহ কৰে । ঘৰুৱা গ্ৰাহকৰ পৰা ২০ শতাংশ কৰ সংগ্ৰহ কৰে ।

চৰকাৰৰ নিৰ্দেশত মতে বাণিজ্যিক, ঔদ্যোগিক আৰু অফিচিয়েল ক্ষেত্ৰত স্মাৰ্ট মিটাৰ লগাব লাগে । কিন্তু ড৹ হিমন্ত বিশ্ব শৰ্মাই প্ৰতি মাহে ৪-৫ কোটি টকা কমিছনৰ আশাত সাধাৰণ মানুহৰ ঘৰে ঘৰে স্মাৰ্ট মিটাৰ লগাই শোষণ কৰাৰ লগতে তেজ শুহিবলৈ জাতিৰ বিৰুদ্ধে ষড়যন্ত্ৰত লিপ্ত হৈছে । বিৰোধী ঐক্য মঞ্চ অসমে কেতিয়াও মনে মনে বহি নাথাকো । এ পি ডি চি এলৰ বিষয়াসকলকো সকীয়াই দিছো, হিমন্ত বিশ্বক সকীয়াই দিছো । সকলো সামগ্ৰীৰ মূল্য বৃদ্ধি কৰিলে, বিদ্যুতৰ মাচুল ৭ বাৰ বঢ়ালে । শাসনৰ নামত বিজেপিয়ে শোষণ, লুণ্ঠন চলাইছে আৰু তাৰ এক হাথিয়াৰ হৈছে স্মাৰ্ট মিটাৰ ।” প্ৰতিবাদত অংশ লৈ ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাই কয়, “প্ৰতিবাদৰ সন্মুখত হিমন্ত বিশ্ব শৰ্মাৰ একনায়কত্ববাদী চৰকাৰ তিষ্ঠি থাকিব নোৱাৰে । স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে আন্দোলন হৈছে, ইয়াৰ পিচতো যদি চৰকাৰে সাৰ নাপায় তেতিয়া বুজিব লাগিব তেওঁলোক জনবিৰোধী । সমগ্ৰ অসমত প্ৰতিবাদ হৈছে আৰু প্ৰতিবাদ হ’ব । এই প্ৰতিবাদৰ সন্মুখত হিমন্ত বিশ্ব শৰ্মাৰ একনায়কত্ববাদী চৰকাৰ তিষ্ঠি থাকিব নোৱাৰে ।” প্ৰতিবাদত অংশ লৈ অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে অসম চৰকাৰক তীব্ৰ সমালোচনা কৰে । চৰকাৰক ইষ্ট ইণ্ডিয়া চৰকাৰৰ সৈতে তুলনা কৰি তেওঁ কয়,”হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখন ব্ৰিটিছৰ ইষ্ট ইণ্ডিয়া কোম্পানীৰ দ্বিতীয় সংস্কৰণ । হিমন্ত বিশ্ব শৰ্মাৰ লুণ্ঠনৰ শেষ অস্ত্ৰ স্মাৰ্ট মিটাৰ । যাৰ জৰিয়তে সাধাৰণ জনতাক লুণ্ঠনৰাজ চলাব বিচাৰিছে । হিমন্তৰ চৰকাৰখন ব্ৰিটিছৰ ইষ্ট ইণ্ডিয়া কোম্পানীৰ দ্বিতীয় সংস্কৰণ । ৫৯ লাখ জনসাধাৰণক স্মাৰ্ট মিটাৰ দি ১২৫ কোটি টকাৰ ১০ শতাংশ কমিছনৰ সেইটোক লক্ষ্য কৰি লৈ সাধাৰণ জনতাক অন্যায় কৰিছে । আদানিক ৰক্ষণাৱেক্ষণ দিয়াৰ স্বাৰ্থত সাধাৰণ জনতাক মাধমাৰ শোধাই স্মাৰ্ট মিটাৰৰ জৰিয়তে স্মাৰ্ট ডকাইতি কৰিছে ।”

Comments are closed.