Breaking

মাৰ্ঘেৰিটাৰ ঐতিহ্যমণ্ডিত ৰাজখোৱা পথাৰত কৃষিভূমি ধ্বংস কৰি ইটাভাতা নির্মাণৰ বিৰোধিতা

0 1,057

তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ অন্তৰ্গত কেটেতং গাঁও পঞ্চায়তৰ অধীনস্থ ঐতিহ্যমণ্ডিত ৰাজখোৱা পথাৰৰ সোমাজত ‘এ বি’ নামেৰে এটা ইটা ভাতা স্থাপনৰ যো-জা কৰাক লৈ মহকুমাটোত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।উল্লেখ্য যে চাৰিওফালে কৃষিভূমিৰে আৱৰি থকা এলেকাত উদ্যোগ প্ৰতিষ্ঠা কৰাটো নীতিবিৰোধ বুলি মন্তব্য প্ৰকাশ কৰিছে ছাত্র মুক্তি সংগ্ৰাম সমিতিয়ে।চাৰিওফালে চহা কৃষকৰ কৃষিভূমিযে আৱৰি থকা ঐতিহ্যমণ্ডিত ৰাজখোৱা পথাৰত কোনোপধ্যে ইটাভাতা নিৰ্মাণৰ অনুমতি নিদিবলৈ মহকুমাধিপতিক দাবী জনোৱাৰ লগতে ইয়াৰ ফলত শ শ বিঘা কৃষিভূমি ধ্বংস হোৱাৰ উপৰিও ব্যাপক বায়ু, পানী আৰু ভূমি প্ৰদূষণ হব বুলিও আঙুলিয়াই দিছে।ইয়াৰ পৰিপ্ৰেক্ষিতত স্থানিয় কৃষক ৰাইজ সংকটত পৰাটো খাটাং বুলি ছাত্র মুক্তি সংগ্ৰাম সমিতিৰ তিনিচুকীয়া জিলা সমিতিৰ সভাপতি পাপু দত্তই দাবী কৰি কৃষিভূমি আৰু কৃষিজীৱীৰ জীৱনক হেতালি খেলি এটা  উদ্যোগ স্থাপনৰ কিহৰ ভিত্তিত আৰু কিদৰে অনুমতি প্ৰদান কৰা হল সেই বিষয় সম্পৰ্কীয় তদন্ত কৰিবলৈ আজি ছাত্র মুক্তি সংগ্ৰাম সমিতি,তিনিচুকীয়া জিলা সমিতিয়ে মাৰ্ঘেৰিটা মহকুমাধিপতিক এখন স্মাৰক পত্ৰ  প্ৰেৰণ কৰে।

Leave A Reply

Your email address will not be published.