এক হৃদয় বিদাৰক মৰ্মান্তিক ঘটনা সংঘটিত হৈছে ওৰাঙত ।ওৰাং আৰক্ষী থানাৰ অন্তৰ্গত চমুৱা গাওঁত সংগঠিত হৈছে এই জঘন্য কান্ড । পাষাণ স্বামীয়ে নিজৰ পত্নীক মৰিয়াই মৰিয়াই হত্যা কৰিছে । গাওঁ খনৰ প্ৰতিবেশীৰ পৰা জানিব পৰা মতে চমুৱা গাওঁৰ প্ৰয়াত মোহন ৰাভাৰ পুএ দিগন্ত ৰাভা (৩৬) ই বিগত প্ৰায় ৮ বছৰ আগতে মাজবাটত আৰক্ষী থানাৰ অন্তৰ্গত মাজগাঁওৰ মঙ্গল সিং গয়াৰীৰ কন্যা কেউলী গয়াৰীৰ (৩৫)সৈতে বিবাহপাশত আবদ্ধ হৈছিল। কিন্তু এটি পুত্ৰ সন্তান জন্ম হোৱাৰ পাছৰে পৰা সংসাৰত লাগিছিল জ্বই । হৃদয়হীন স্বামী দিগন্ত ৰাভা ( ৰেবা)ই প্ৰতিদিনে সুৰাপান কৰি পত্নীক অকথ্য নিৰ্যাতন চলাই আহিছিল । ফলত শশাৰীৰিক ভাবে অতি দুৰ্বল হৈ পৰিছিল কেউলী । অইন দিনাৰ দৰে দেওবাৰেও পাষণ্ড স্বামী দিগন্তই পত্নীক মৰিয়াই মৰিয়াই গুৰুলা গুৰুলকৈ মাৰপিট কৰাত মুমূৰ্ষু অবস্থাত কেউলী গয়াৰী পিতৃ গৃহই প্ৰথমে ওৰাং খন্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত লৈ আহে ।কিন্তু অবস্থা সংকট জনক হোৱাত ততাতৈয়াকৈ চিকিৎসকে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰন কৰিছিল ।যদিও ৬ জুলাই মঙলবাৰে ৰাতিপুৱা কেউলীৰ মৃত্যু হৈছিল । পৰিয়ালৰ লোকে লগে লগে স্থানীয় প্ৰশাসনৰ সৈতে যোগাযোগ কৰি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত মৰনোওৰ পৰীক্ষা কৰি ওৰাং আৰক্ষী থানাত স্বামী দিগন্তৰ ৰাভাৰ বিৰুদ্ধে পিতৃ গৃহৰ পৰা ৭ জুলাইত এখন এজাৰ দাখিল কৰে । প্ৰথমে উক্ত ঘটনাটো দিগন্তই গাপ দিবলৈ চেষ্টা কৰি পত্নীক শ্মশানত লৈ গৈছিল । যদিও ৭ জুলাই বুধবাৰে ১২ মান বজাত ওৰাং আৰক্ষীয়ে হত্যাকাৰী দিগন্তক শ্মশানৰ পৰাই আটক কৰে । পাছত ওৰাং আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দীপক দাসে পিতৃ গৃহৰ এজাহাৰ ভিত্তিত পাষাণ স্বামী জনৰ বিৰুদ্ধে গোচৰ নং ৮৮/ ৩০২ ভাৰতীয দণ্ডবিধি আইনৰ অধীনত এটি গোচৰ ৰুজু কৰি কালিয়েই ওদালগুৰি জেল হাজোতলৈ প্ৰেৰন কৰে । হত্যাকাৰী দিগন্ত ৰাভা ওৰফে ৰেবাক উপযুক্ত শাস্তি দিবলৈ ৰাইজে দাবী উত্থাপন কৰিছে ।