শীতকালত বজাৰত বহুত কমলা পোৱা যায় যদিও আমাৰ বহুতেই এই সোৱাদযুক্ত ফলৰ গুৰুত্ব বুজি নাপাওঁ। অৱশ্যে ভিটামিন চিৰে ভৰপূৰ এই ফল দৈনিক খাব লাগে।
বিশেষজ্ঞসকলৰ মতে শীতকালত যদি আপুনি যিকোনো ৰোগৰ পৰা নিজকে ৰক্ষা কৰিব বিচাৰে তেন্তে জীৱনশৈলীৰ কিছু পৰিৱৰ্তন কৰি স্বাস্থ্যসন্মত খাদ্য খাব লাগে। ব্যায়াম কৰাৰ লগতে বতৰৰ ফলো খাব লাগে। তাৰে ভিতৰত কমলাও এটা।
কমলাৰ উপকাৰিতাৰ বিষয়ে জানো আহক-
উচ্চ ৰক্তচাপ হ্ৰাস কৰে
বিশেষজ্ঞসকলৰ কয়, যদি আপুনি ৰক্তচাপৰ সমস্যাত ভুগিছে তেন্তে শীতকালত প্ৰতিদিনে এটাকৈ কমলা খাওক। আচলতে কমলাৰ বহুতো গুণ আছে যিয়ে ৰক্তচাপ নিয়ন্ত্ৰণ কৰাত সহায় কৰে। তদুপৰি কমলা খালে উচ্চ ৰক্তচাপৰ সমস্যাও কমি যায়।
কেন্সাৰ হোৱাৰ সম্ভাৱনা হ্ৰাস কৰে
কমলাত এন্টিঅক্সিডেন্ট আৰু ভিটামিন চি থাকে। ইয়াৰ উপৰিও ইয়াত ফ্লেভনয়ড আৰু কেৰটিনয়ডৰ দৰে শক্তিশালী এন্টিঅক্সিডেন্ট থাকে। যিয়ে কোষক ক্ষতিৰ পৰা ৰক্ষা কৰাত সহায় কৰে। ইয়াৰ উপৰিও ই কেন্সাৰৰ পৰাও সুৰক্ষা দিয়ে। গতিকে প্ৰতিদিনে কমলা খালে কেন্সাৰ হোৱাৰ সম্ভাৱনা কম হয় বুলি বিশেষজ্ঞসকলৰ কয়।
শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ আঁতৰায়
বিশেষজ্ঞসকলে কয়,কমলাত প্ৰচুৰ পৰিমাণে ভিটামিন চি আৰু এন্টিঅক্সিডেন্ট থাকে। ই আমাৰ শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ আঁতৰোৱাত সহায় কৰে। ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল লোকে দিনটোত অন্ততঃ এটা কমলা খাব লাগে। প্ৰতিদিনে এটা কমলা খালে অতি ঠাণ্ডাতো সুস্থ হৈ থকা সম্ভৱ।
ৰক্তহীনতাৰ সম্ভাৱনা কমে
কমলাত থকা ভিটামিন চিয়ে ৰক্তহীনতা প্ৰতিৰোধ কৰাত সহায় কৰে। প্ৰতিদিনে এটা কমলা খালে শৰীৰত হিম’গ্লবিনৰ মাত্ৰা বৃদ্ধি পায় আৰু ৰক্তহীনতাৰ সম্ভাৱনা হ্ৰাস পাব। গতিকে শীতকালত প্ৰতিদিনে কমলা খোৱাটো বাঞ্ছনীয় বুলি বিশেষজ্ঞসকলে কয়।