Breaking

কাকপথাৰত “ৰাতি বিহু”ৰ আয়োজন…

0 46

অসম-অৰুণাচল সীমান্তৱৰ্তী তথা উজনি অসমৰ তিনিচুকীয়া জিলাৰ কাকপথাৰত অসম মৰাণ সভাৰ কাকপথাৰ, টঙনা আঞ্চলিক সমিতি, সদৌ মৰাণ ছাত্ৰ সন্থা, মৰাণ মহিলা পৰিষদ আৰু সদৌ মৰাণ কলা-সংস্কৃতি বিকাশ কেন্দ্ৰৰ কাকপথাৰ আঞ্চলিক সমিতিৰ যৌথ উদ্যোগত লগতে কাকপথাৰবাসী ৰাইজৰ সহযোগত এয়োদশ বাৰ্ষিক ৰাতি বিহুখনি ২২ এপ্ৰিলত দিনযোৰা কাৰ্যসূচীৰে কাকপথাৰত উদযাপন কৰিবলৈ সিদ্ধান্ত গ্ৰহন কৰিছে। ৩ নং কাকপথাৰৰ জ্যোতিৰ্ময় উচ্চ মাধ্যমিক খেলপথাৰত আয়োজন কৰিবলৈ লোৱা ৰাতি বিহুখনি পৰিচালনাৰ বাবে ধৰ্মেন্দ্ৰ নেওগক সভাপতি,দিলীপ মৰাণক কাৰ্যকৰী সভাপতি ,সীমান্ত মৰাণক মূখ্য সম্পাদক আৰু মন্টু চেতিয়াসহ ৰাজেন্দ্ৰ মৰাণক যুটীয়া সম্পাদক হিচাপে লৈ এখনি পূৰ্ণাংগ উদযাপন সমিতি গঠন কৰিছে। অহা ২২ এপ্ৰিলত উদযাপন কৰিবলৈ লোৱা ৰাতি বিহুৰ কাৰ্যসুচী মতে পুৱা ৯ বজাত উদ্‌যাপন সমিতিৰ সভাপতিকে ধৰি উদ্যোক্তা সংগঠন সমূহৰ সভাপতিৰ দ্বাৰা পতাকা উত্তোলনৰ পিছতে উদ্‌যাপন সমিতিৰ মূখ্য সম্পাদকৰ লগতে কেওঁটা সংগঠনৰ সাধাৰণ সম্পাদকে স্মৃতি তৰ্পন কাৰ্যসূচী ৰূপায়ন কৰিব। ইয়াৰ পিছতে অসম মৰাণ সভাৰ সম্পাদকে মৰাণ আৰ্হি গৃহ, জাতীয় খাদ্য আৰু বস্ত্ৰ মেলা মুকলি কৰিব।

সন্ধিয়া ৫-৩০ বজাত ডিগবৈৰ বিধায়ক সুৰেন ফুকনে বিহুতলী মুকলি কৰাৰ পিছতে অসম মৰাণ সভাৰ সভাপতি ৰাজীৱ বড়াই বিহুঘৰ উদ্ধোধন কৰিব। পিছলৈ কাৰ্যসুচী অনুসাৰে পৰম্পৰাত ঢাল কড়ি খেলৰ শুভ উদ্ধোধন কৰিব উদ্‌যাপন সমিতিৰ কাৰ্যকৰী সভাপতি দিলীপ মৰাণে।ক্ৰমাগতভাৱে উদ্‌যাপন সমিতিৰ সভাপতি ধৰ্মেন্দ্ৰ নেওগে ৰাতি বিহু আদৰণি জনোৱাৰ পিছতেই শদিয়াৰ বিধায়ক বলিন চেতিয়াই ৰাতি বিহুখনিৰ শুভ উদ্ধোধন কৰাৰ সমান্তৰালকৈ ৮ বজাত মৰাণ স্বায়িত্ব শাসিত পৰিষদৰ মূখ্য কাৰ্যবাহী বিষয়া অৰুণজ্যোতি মৰাণে ৰাতিবিহুৰ স্মৃতিগ্ৰন্থ উন্মোচন কৰিব। ৰাতি বহুখনিত মূখ্য অতিথি হিচাপে উপস্থিত থাকিব কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, অৰুণাচলৰ উপ-মূখ্যমন্ত্ৰী চৌনা মেইন,অসম চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰী বিমল বৰা,সাংসদ প্ৰদান বৰুৱা, সাদিন প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰী জয়ন্ত বৰুৱাৰ লগতে মৰাণ জনজাতিৰ কেওঁটা সংগঠনৰ নেতৃবৃন্দ আৰু অসমৰ কৈইবাটাও জাতীয় জনগোষ্ঠীয় সংগঠনৰ নেতৃত্ব। উল্লেখ্য যে, ৰাতি বিহু মৰাণ জনজাতিৰ ঐতিহাসিক সাংস্কৃতিক পৰিক্ৰমাৰ বাহক স্বৰূপ। ৰাতি বিহুৱেই মৰাণ সংস্কৃতিৰ স্বকীয় বৈশিষ্ট্য আৰু ঐতিহ্য অসমৰ জনমানসত দাঙি ধৰিছে আৰু জাতীয় পৰিচয় প্ৰতিফলিত কৰিছে। ৰাতি বিহু হ’ল- গাঁৱৰ ডেকাই সাজি লোৱা দুই কোঠালিযুক্ত ঐতিহ্যমণ্ডিত বিহুঘৰত নিশা ভাগত কটকটীয়া বান্ধোনৰ মাজেৰে ডেকা-গাভৰুৱে একেলগে মৰা বিহু। প্ৰকৃতিৰ নিৰিবিলি পৰিবেশৰ মাজত কেতবোৰ নীতি-নিয়মৰ মাজেৰে কৰা ৰং-ৰহইচ য’ত বিহুৰ প্ৰকৃত নিভাঁজ ৰূপটো পৰিস্ফুট হয়। এই বিহুৰ গীত-মাতবোৰ মাৰ্জিত। নাচোন-ভঙ্গীত শালীনতাবোধ আছে। বিহুমেলাখন কেৱল ৰং-ৰহইচৰ থলীয়েই নহয়, ই ডেকা-গাভৰুৰ মহামিলনৰ থলী বুলি কব পাৰি। ৰঙালী বিহুৰ এটা প্ৰধান অংশ হৈছে ৰাতি বিহু। মৰাণসকলৰ জাতীয় উৎসৱ ৰঙালী বিহুক ৰাতি বিহুৱে অনন্য মাত্রা প্ৰদান কৰি আহিছে । বৃহৎ অসমীয়া সংস্কৃতিলৈ ৰাতি বিহুৰ অৱদান লেখত লবলগীয়া । গাঁৱৰ ডেকাসকলে চ’ত মাহতেই গাঁৱৰ আচুতীয়া ঠাই বা গাঁৱৰ মূৰত বাঁহ, কাঠ, জেঙুপাত, টকৌপাত আদিৰে দুই কুঠলীয়া এটা বেৰহীন অস্থায়ী ঘৰ সাজি উলিয়ায়। সেইটোক বিহু ঘৰ বুলি কোৱা হয়।

বিহু ঘৰটোক পৱিত্ৰ গৃহ হিচাপে গণ্য কৰে। বিহুঘৰটো দুই কুঠলীয়া। মাজৰ চতিটোৰ ভিত্তিতে ইয়াক দুটা ভাগ কৰি সোঁফালৰ কোঠাটো ডেকাসকলৰ বাবে আৰু বাওঁফালৰ কোঠাটো গাভৰুসকলৰ বাবে নিৰ্ধাৰণ কৰা হয়। তাত ডেকা গাভৰু সকলে বৃত্তাকাৰে ঘুৰি ঘুৰি সুকীয়া সুকীয়াকৈ ৰাতি বিহু মাৰে। ৰাতি বিহু গোৱাৰ সময়ত ডেকা আৰু গাভৰুসকলে পৰস্পৰৰ অংশত প্ৰৱেশ নকৰে। ৰাতি বিহু গাবৰ বাবে এজন বয়োজ্যেষ্ঠ ব্যক্তিক লগত লৈ ডেকাসকলে তামোল-পাণৰ টোপোলা দি অভিভাৱকৰ পৰা গাভৰুসকলক খুজিবলৈ যায় । ডেকাসকলে অভিভাৱকক গাভৰু গৰাকীৰ নিৰাপত্তা তথা সম্পূৰ্ণ সুৰক্ষাৰ আশ্বাস দিয়াৰ পাছতহে অভিভাৱকে নিজৰ গাভৰু ছোৱালীক ৰাতি বিহু মাৰিবলৈ এৰি দিয়ে । ৰাতি বিহু শেষ হোৱাৰ পাছত ডেকাসকলে গাভৰুসকলক ঘৰে ঘৰে চমজাই থৈ আহে। তেলৰ চাকিৰ পোহৰত গীত, বাদ্য আৰু নৃত্যৰ আকৰ্ষণীয় সমাহাৰেৰে ৰাতি বিহু মায়াময় হৈ পৰে। এনে এক স্বকীয় বৈশিষ্টপূৰ্ণ মৰাণ জনগোষ্ঠীৰ পৰম্পৰাগত বিহু সংস্কৃতি “ৰাতি বিহু” অহা ২২ এপ্ৰিলত কাকপথাৰত ৰাজহুৱাভাৱে উদ্‌যাপন কৰিবলৈ লৈছে। সেয়েহে উদ্যোক্তামণ্ডলীয়ে উক্তদিনৰ সমূদায় কাৰ্যসুচীত সদৌটি ৰাইজৰ সক্ৰীয় সহায় সহযোগিতা তথা উপস্থিতি কামনা কৰিছে।

Leave A Reply

Your email address will not be published.