চিলাপথাৰ মাজগাঁও হৰি মন্দিৰত উলহ মালহেৰে ভাওনা সবাহৰ আয়োজন

চিলাপথাৰ মাজগাওঁ হৰি মন্দিৰত আজি দিনযোৰা কাৰ্যসূচীৰে বাৰ্ষিক ভাওনা সবাহ ভাগী আধ্যাত্মিক ৰীতি – নীতিৰ মাজেৰে বেচ্ উলহ মালহেৰে অনুষ্ঠিত কৰে । পুৱা ৪ বজাত নামাচাৰ্য্য মণ্টু চেতিয়াই বন্তি প্ৰজ্বলেনেৰে প্ৰভাত ফেৰীৰে শুভাৰম্ভ কৰা কাৰ্যসূচী অনুসৰি ৫ বজাত পৰিবেশ নিকাকৰণ , ৬ বজাত ধৰ্ম্মধজ্বা উত্তোলনৰ পাছতেই ৭ বজাত স্মৃতি তৰ্পন কৰে নামঘৰ পৰিচালনা সমিতিৰ সভাপতি দেৱকান্ত বৰুৱাই । ইয়াৰ পিছতেই ভাগৱত বাহক ভবেন বৰুৱাৰ নেতৃত্বত সমবায় – মাজগাঁৱবাসীৰ সহযোগত ভাগৱত ভ্ৰমণৰ এক শোভাযাত্ৰা কাৰ্যসূচী ৰূপায়ন কৰে । ১০ বজাত নামাৰ্চায্য পূৰ্ণকান্ত মহন্তৰ নেতৃত্বত নাম প্ৰসঙ্গ আৰু কীৰ্ত্তন পাঠ কাৰ্যসূচী ৰূপায়ন কৰা হয় ।

এই ভাওনা উৎসৱ ভাগীত প্ৰভাত গগৈ ,‌পূৰ্ণকান্ত গগৈ , ফুনু গগৈ , প্ৰবীন গগৈ , ক্ষেত্ৰধৰ গগৈ , তৰুণ বৰুৱা, চিত্ৰ বৰগোহাঁই, প্ৰেমধৰ শইকীয়া, গকুল শইকীয়া, জিতেন ৰাজকোঁৱৰ, বিনোদ খনিকৰকে ধৰি বহুকেইজন সমল ব্যক্তি উপস্থিত থাকে।
উল্লেখযোগ্য যে , ৰাতিলৈ ‘সুদৰ্শন সাংস্কৃতিক নাট্যগোষ্ঠী নিলখ’ ৰ সৌজন্যত “বান পৰাজয় ” নামৰ ভাওনা ভাগী প্ৰদৰ্শন হ’ব বুলি চিলাপথাৰ মাজগাওঁ ভাওনা উৎসৱ উদ্‌যাপন সমিতিৰ সভাপতি ধৰ্ম্মেশ্বৰ চুতীয়া , কাৰ্যকৰী সভাপতি গণেশ মেচ আৰু যুটিয়া সম্পাদক ৰাতুল শইকীয়া , বিপুল দত্তই জানিবলৈ দিয়ে।

Related Articles