Breaking

সামাজিক মাধ্যমৰ যোগে ভাগ্য পৰীক্ষাৰ টিকট বিক্ৰীৰে সৰ্বসাধাৰণ ৰাইজক ঠগ প্ৰবঞ্চনা !

0 80

অসমৰ বিভিন্ন প্ৰান্তত বিভিন্ন অজুহাত দেখুৱাই নামীদামী উপহাৰ দিয়াৰ নামত ভাগ্য পৰীক্ষাৰ লটাৰী খেল পতাৰ যেন প্ৰতিযোগিতা চলিছে । যি ধৰণে সামাজিক মাধ্যম ব্যৱহাৰ কৰি Online যোগে হকেবিহকে লটাৰী টিকট সমুহ বিক্ৰী কৰি আছে তাত চৰকাৰ প্ৰশাসনে কঠোৰ দৃষ্টি ৰখাৰ প্ৰয়োজন আহি পৰিছে । নহলে সামাজিক মাধ্যমসমুহ সৰ্বসাধাৰণ ৰাইজ ঠগ প্ৰৱঞ্চনাৰ বলি হোৱা মাধ্যম হৈ পৰিব ।

দেখা গৈছে এক অপৰাধী মানসিকতাৰ লোকে বিভিন্ন প্ৰলোভন আকৰ্ষণৰে সৰ্বসাধাৰণ ৰাইজৰ মাজত Online লটাৰী টিকট ক্ৰয় বিক্ৰৰ নামত ঠগ -প্ৰৱঞ্চনাৰ জড়িয়তে অতি সহজলভ্য ধন ঘটাৰ কৌশল অৱলম্বন কৰি আহি । তেনে এক ঠগ প্ৰৱঞ্চনাৰ সৈতে জড়িত কাৰ্যক কৌশলেৰে ধৰা পেলাবলৈ সক্ষম হৈছে অসমীয়া আলোচনী গণকণ্ঠ ৰ সম্পাদক হেমন্ত কলিতাই ।

Online লটাৰী বিক্ৰেতাৰ বিৰুদ্ধে সৰ্বসাধাৰণ ৰাইজক ঠগ প্ৰৱঞ্চনা কৰি অহাৰ অভিযোগ তুলি আজি গণকণ্ঠ ৰ সম্পাদক হেমন্ত কলিতাই সোণাপুৰ আৰক্ষী থানা গোচৰ দিয়ে । এই ক্ষেত্ৰত লক্ষ্যনীয় বিষয় হব ঠগ প্ৰৱঞ্চনাৰ জাল পেলোৱা তথা ভাগ্য পৰীক্ষাৰ নামত লটাৰী Online যোগে বিক্ৰেতা অপৰাধী চক্ৰৰ বিৰুদ্ধে চৰকাৰ আৰক্ষী প্ৰশাসন কিমান দূৰ সফল হয় সেয়া সময়ে নিশ্চয় কব ।

Leave A Reply

Your email address will not be published.