এটা সময় আছিল বাতৰি কাকতৰ সংখ্যা কম আছিল ,এঘৰে লোৱা কাকতখন গাওঁ এখন ভ্ৰমিছিল। সংবাদ পত্ৰ মানে আমি বুজো কাৰো ওচৰত মুৰ নত নকৰা নিৰ্ভিক, নিৰপেক্ষ, ৰাইজৰ হকে মাত মতা, ন্যায়পালিকা। সেইদিন গ’ল, সময়ৰ লগে লগে সব পৰিৱৰ্তন। টকাৰ বাবে হাবাথুৰি মাথো। যিয়েই নহওঁক আমাৰ চকুত পৰিছে কেইখনমান বাতৰিকাকতৰ কাম – তাৰ ভিতৰত দৈনন্দিন বাৰ্তা। চৈধ্যটা বছৰে অশেষ কষ্ট, সীমাহীন সংগ্ৰামৰ মাজেৰে দৈনন্দিন বাৰ্তাৰ সম্পাদক শংকৰ গোহাঁইৰ নেৰানেপেৰা প্ৰচেষ্টাত নিৰ্ভিক, নিৰপেক্ষতাৰ এক স্বাক্ষৰ বহন কৰি জনগণৰ (পঢ়ূৱৈৰ)হৃদয়ত থিতাপি লব পাৰিছে বুলি আমি কৰা এক অনুসন্ধানত ধৰা পৰিছে। শংকৰ গোহাঁই যথেষ্ঠ কষ্ট সহিষ্ণু, সহজ-সৰল তথা নম্ৰ, মুখৰ পোহৰ থকা ডেকা ল’ৰা। অধ্যয়নপুষ্ট বুলিও গম পাইছিলো মই লগপোৱা সভা-সমিতিত ভাষণ দিওঁতে। “দৈনন্দিন বাৰ্তাৰ ” মুখ্য সম্পাদক নৰেন হাজৰিকাদেৱো বহু অভিজ্ঞ পুষ্ট। দুয়ো গৰাকীৰ ওচৰত আমি কৃতজ্ঞ।
গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বাতৰি-কাকতৰ কোনো এটা বাতৰি কৰোতে ঘটনা-পৰিঘটনা তদন্ত কৰাটো উচিত লগতে জনতাৰ মনজয় কৰিবলৈ হ’লে ক্ষেত্ৰ অধ্যয়ন কৰাটোও এক গুৰু দায়িত্ব।চাৰিটা ন-ন-ন-ন অৰ্থাৎ ন্যায় -নিষ্ঠা, নিৰপেক্ষতা, নিৰ্ভিকতাক আগস্থান দিব লাগিব, পৰিহাৰ কৰিব লাগিব লোভ, অন্যায়। এইখিনি কথা এইবাবেই আলোচনাত আনিছো যে দৈনন্দিন বাৰ্তা,,আলোকপ্ৰভঞ্জন আৰু The Assam rising তেওঁলোকৰ উদ্ভাৱনী মন্ত্ৰেৰে ৰাইজৰ ওচৰ চাপিবলৈ সুখ-দুখৰ বুজ ল’বলৈ যিটো পৰিকল্পনা কৰি তাক কাৰ্যতঃ ৰূপায়ন কৰিছে বা কৰি থাকিব সেইটো আগতে কোনো এখন অসমীয়া কাকতে কৰা মনত নপৰে। কৃত্ৰিমতাৰ ঢৌৱে মানৱতাক আওকাণ কৰি মানুহৰ প্ৰতি মানুহৰ দয়া-মৰম, সন্মান -শ্ৰদ্ধাক গুৰত্ব নিদিয়া হোৱা দেখা গৈছে। প্ৰচাৰত স্বাৰ্থপৰতাই ঠেঙুলি মেলিলে, বহুত গুণী-জ্ঞানী, বিদগ্ধ লোকে প্ৰচাৰৰ অভাৱত জনগণৰ অখ্যাত হৈ আছে। নিজাববীয়াকৈ আমিও কিছু তথ্য সংগ্ৰহ কৰি এনে ব্যক্তিক মান্যতা দিয়াৰ চেষ্টা কৰি আহিছো। দৈনন্দিন বাৰ্তাৰ চিৰঞ্জীৱ লক্ষ্যৰে নতুন যাত্ৰা আৰম্ভ কৰাটো আমাৰ সমাজৰ বাবে বিশেষকৈ বৌদ্ধিক জগতৰ বাবে এক আশাৰ সঞ্চাৰ। বিগত ১১/০২/২৪ ইংৰাজী তাৰিখ দেওবাৰৰ পৰাই দৈনন্দিন বাৰ্তা গোষ্ঠী চিৰঞ্জীৱ হোৱাৰ লক্ষ্যৰে অনন্য মাত্ৰা আৰম্ভ কৰি সংবাদ জগতত আলোড়নৰ সৃষ্টি কৰিছে। প্ৰচাৰৰ অভাৱত কাৰো চকুত নপৰা অসমৰ জিলা সমূহৰ চুকে-কোণে থকা কেবাগৰাকী মহীয়ানলোকৰ আশীৰ্বাদ আৰু শুভেচ্ছা বিচাৰি ঘৰে ঘৰে যাত্ৰা আৰম্ভ কৰি একোখন ফুলাম গামোচা , দৈনন্দিন বাৰ্তাৰ, আলোকপ্ৰভঞ্জন আৰু The Assam rising বাতৰি-কাকতৰ একোটা কপিআৰু একোখন সম্বৰ্দ্ধনা পত্ৰ আগবঢ়াই একোটা সাক্ষাৎকাৰ লৈ আনন্দ প্ৰদানৰ উপৰিও মান্যতা দিছিল সেইসকল ব্যক্তিক যাক তেওঁলোকে ক্ষেত্ৰ অধ্যয়নেৰে গুণী অথচ সংবাদ জগতৰ চকুত নপৰা বুলি উপলব্ধি কৰিছিল। আমি গুণী নহয় কিন্তু কিঞ্চিৎ সমাজৰ কাম কৰাৰ , সাহিত্য চৰ্চা কৰি শিকাৰ আগ্ৰহী। আমাৰ দৰে মুৰুখমতিকো ১১ ফেব্ৰুৱাৰীৰ দিনা দৈনন্দিন বাৰ্তাই সম্বৰ্দ্ধনা জনাইছিল আমাৰ ঘৰতে। ভবা নাছিলো শংকৰ গোহাঁইৰ দৰে দেৱতুল্য সম্পাদকৰ দৃষ্টিত আমি নিবন্ধ হ’ম।
আনন্দত মনে মনে চকুলো টুকিছিলো, অন্তৰ আত্মাই আশীৰ্বাদ জনাইছিল “দৈনন্দিন বাৰ্তা” চিৰঞ্জীৱি হওঁক বুলি। গ্ৰন্থ লিখিছো , সমাজক অলপ সময় দিছো কিবা পোৱাৰ আশাত নহয় , কাম কৰি বুকু ভৰে বুলিহে কৰো। আপোনত্বৰ ডোলেৰে সকলোকে কটকটীয়াকৈ বান্ধিবলৈ, এয়া বীৰ লাচিতৰ দেশ, এয়া সতী জয়মতীৰ দেশ আমাৰ চেনেহৰ দেশ। এয়া দৈনন্দিন বাৰ্তাৰ অমৃত যাত্ৰা আমাৰ দৰে মানুহক অমৃত পান কৰাইছে আৰু আমি পান কৰা অমৃতা শপতৰে হিয়াৰ উম দি শংকৰ গোহাঁই আৰু দৈনন্দিন গোষ্ঠীৰ সকলো জনকে ন-যাত্ৰাত জয়ী হবলৈ শুভেচ্ছা সহ আশীৰ্বাদ জানাইছো ,জনাইছো অভিনন্দন আমাৰ মৰমৰ দৈনন্দিন বাৰ্তা গোষ্ঠী অমৰ হওঁক। দৈনন্দিন বাৰ্তা লৈ আহ্বান জনাইছো কাকতখনে সুন্দৰ সুন্দৰ শিতানেৰে উচ্চ মানেৰে শুদ্ধ ৰূপত পঢ়ূৱৈৰ মাজলৈ গৈ শীৰ্ষস্থানত আৰোহণ কৰে তাৰবাবে কষ্ট কৰক, মনত ৰাখিব কষ্টৰ ফল বৰ মিঠা। আমাৰ ঘৰলৈ মোক সম্বৰ্দ্ধনা জনোৱা চন্দন দাস, অভিজিত চলিহা, চাহমেল আলী আহমেদ আদি ছয়জন যুৱ সাংবাদিকক মৰমেৰে ধন্যবাদ জনালো।